মুখ্যপৃষ্ঠা »খবৰ »অসম »পৃথিৱী থকালৈকে কংগ্ৰেছ-AIUDFৰ মিত্ৰতা থাকিব: ৰূপজ্যোতি কুৰ্মী

পৃথিৱী থকালৈকে কংগ্ৰেছ-AIUDFৰ মিত্ৰতা থাকিব: ৰূপজ্যোতি কুৰ্মী

BJPক পৰাস্ত কৰিবলৈ বিৰোধী মঞ্চত এৰা-ধৰা কৰিবলৈ সাজু AIUDF ! কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাক লৈ শাসকীয় BJPৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ক'লে— পৃথিৱী থকালৈকে থাকিব কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা ৷ মুখত মানুহক দেখুৱাইহে কিছু কথা কয় দুয়োটা দলে ৷

  • Share this:
কংগ্ৰেছৰ নেতৃত্বত অসমত বিৰোধী শক্তিৰ একত্ৰীকৰণৰ প্ৰচেষ্টাৰ পৰা আঁতৰাই ৰখা AIUDFয়ে এতিয়া BJPক প্ৰতিহত কৰিবলৈ একত্ৰীকৰণৰ ক্ষেত্ৰত এৰা ধৰা কৰিবলৈ সাজু হৈছে ৷ কিন্তু AIUDFক সহজভাৱে লোৱা নাই কংগ্ৰেছে ৷ ইয়াৰ মাজতে শাসকীয় BJPৰ দাবী— পৃথিৱী থকালৈকে কংগ্ৰেছ আৰু AIUDFৰ মাজত মিত্ৰতা থাকিব ।

মিত্ৰতাকেন্দ্ৰিক একেই কাজিয়া চলি আছে কংগ্ৰেছ আৰু AIUDFৰ মাজত ৷ সহজভাৱে বদৰুদ্দিন আজমলৰ AIUDFক লোৱা নাই কংগ্ৰেছে ৷ কংগ্ৰেছে AIUDFক বাদ দি ৰাজ্যৰ প্ৰায় সকলো বিৰোধী দলক লৈ এক উমৈহতীয়া মঞ্চ গঠন কৰিছে। এনে সময়তে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাক লৈ শাসকীয় BJPৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ক'লে— পৃথিৱী থকালৈকে থাকিব কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা ৷ মুখত মানুহক দেখুৱাইহে কিছু কথা কয় দুয়োটা দলে ৷

কংগ্ৰেছ-AIUDFৰ মিত্ৰতা সন্দৰ্ভত শাসকীয় BJPৰ বিধায়ক ৰূপজ্যোতিয়ে কৰা এই মন্তব্যক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে- ৰূপজ্যোতি কুৰ্মীৰ কথা কোনে শুনে? কংগ্ৰেছে নকৰে AIUDFৰে মিত্ৰতা ৷

মিত্ৰতা কেন্দ্ৰিক এই সংঘাতৰ মাজতে আজি কিছু নৰম হ'ল AIUDF ৷ AIUDFৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে ক'লে— BJPৰ ৰুধিবলৈ বিৰোধী শক্তিৰে এৰা ধৰা কৰিবলৈ সাজু AIUDF ৷

এৰা ধৰা কৰিবলৈ সাজু যদিও বিৰোধী মঞ্চৰ অন্যতম অখিল গগৈক সহজভাৱে লোৱা নাই AIUDFয়ে ৷ ৰফিকুল ইছলামৰ মতে BJPক বহু সহায় কৰি আহিছে অখিল গগৈয়ে ৷

বিৰোধী শক্তিৰ মাজত মিত্ৰতা কেন্দ্ৰিক এই সংঘাত অৱশ্যে শেষ হ'বনে নাই; তাক এতিয়াই কৈ দিব নোৱাৰি ৷ কৈ দিব নোৱাৰি বিধায়ক ৰূপজ্যোতিৰ দৰে — পৃথিৱী থকালৈকে থাকিব কংগ্ৰেছ-AIUDFৰ মিত্ৰতা বুলি ৷

শেহতীয়া বাতৰি