এতিয়া নিৰ্বাচনৰ বতৰ৷ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত এতিয়া নিৰ্বাচনী ধুমুহা বলিছে৷ কোনোবা এঘণ্টাৰ আগত এটা দলত থাকি এঘণ্টাৰ পিছত আন দলত যোগ দি টিকট লৈছে আৰু কোনোবাই দলীয় টিকট নাপাই নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলাৰ বাবে সাজু হৈছে৷ নিৰ্বাচনী বতৰত কোনে ক'ত কি কৰিছে ধৰিবই নোৱৰা হৈছে৷
ইয়াৰ মাজতে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰে পৰা কঠোৰ পৰ্যবেক্ষণ, নিৰীক্ষণ আৰু অভিযানত সমগ্ৰ অসমত বিগত ১৪টা দিনত ৩১ কোটিতকৈ অধিক টকা জব্দ হৈছে৷ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই শুকুৰবাৰে সদৰি কৰে- “যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা ১১ মাৰ্চ পৰ্যন্ত ৮.৮০ কোটি নগদ ধন আৰু ৭.৬৮ কোটি টকা মূল্যৰ সুৰা জব্দ কৰা হৈছে৷ লগতে ১.৪৬ কোটি টকা মূল্যৰ সোণ-ৰূপৰ আ-অলংকাৰ, ১০.১৮ কোটি টকা মূল্যৰ হেৰইন, ভাং আৰু ব্ৰাউন ছুগাৰ আদিৰ দৰে নিচাযুক্ত দ্ৰব্য জব্দ কৰা হয়৷ ইয়াৰ লগতে ৩.৬৯ কোটি টকাৰ বিদেশী চিগাৰেট, আফু গুটি আৰু নিচাযুক্ত টেবলেটো এই সময়ছোৱাত জব্দ কৰা হয়৷”
মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই সদৰি কৰা মতে, ২৬ ফেব্ৰুৱাৰীৰ পৰা ১১ মাৰ্চ পৰ্যন্ত জব্দ কৰা নগদ ধন আৰু অন্যান্য সা-সামগ্ৰীৰ মূল্য সৰ্বমুঠ ৩১.৮১ কোটি টকাৰ৷ এইক্ষেত্ৰত অসম আৰক্ষী, আবকাৰী বিভাগ, ৰাজহ চোৰাংচোৱা সঞ্চালকালয়, নাৰকোটিক কন্ট্ৰ’ল ব্যুৰ', ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু অন্যান্য সংস্থাসমূহে দিনে–নিশাই অভিযান চলাই আছে বুলি সদৰি কৰে নীতিন খাড়েই৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|