কংগ্ৰেছ আৰু এ আই ইউ ডি এফে জাতিটোৰ উন্নয়ন নিবিচাৰে। মহাজোঁটৰ বাবে পূৰ্বতকৈ নিৰ্বাচনত আসন বৃদ্ধি হোৱাৰ দাবী তুলিলে মুখ্য মুখপাত্ৰগৰাকীয়ে।
কংগ্ৰেছ আৰু এ আই ইউ ডি এফে জাতিটোৰ উন্নয়ন নিবিচাৰে। মহাজোঁটৰ বাবে পূৰ্বতকৈ নিৰ্বাচনত আসন বৃদ্ধি হোৱাৰ দাবী তুলিলে মুখ্য মুখপাত্ৰগৰাকীয়ে।
২০২১ বৰ্ষৰ বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাবলৈ ধৰিছে ৰাজনৈতিক নেতাৰ মুখ চুপতি। দিছপুৰ দখলৰ লক্ষ্যৰে গঠন হোৱা কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মহাজোঁটক এইবাৰ তীব্ৰ ভাষাৰে সমালোচনা কৰিছে বি জে পিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে।
মহাজোটক মোগলজোঁট আখ্যা দি মুখ্য মুখপাত্ৰজনে ক’লে, কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিলে সমাজ থানবান হোৱাৰ লগতে কেলেংকাৰী মূৰ দাঙি উঠিব।মহাজোঁটবন্ধনক চালনিৰ সৈতে তুলনা কৰে ৰূপম গোস্বামীয়ে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মহাজোঁট এক নাটক বুলি অভিহিত কৰিছে মুখ্য মুখপাত্ৰগৰাকীয়ে।
তেওঁৰ মতে দুই দলৰ মহাজোঁট অসমৰ বাবে অশোভনীয় সংকেত। কংগ্ৰেছ আৰু এ আই ইউ ডি এফে জাতিটোৰ উন্নয়ন নিবিচাৰে। মহাজোঁটৰ বাবে পূৰ্বতকৈ নিৰ্বাচনত আসন বৃদ্ধি হোৱাৰ দাবী তুলিলে মুখ্য মুখপাত্ৰগৰাকীয়ে।
ৰাজ্যৰ ৫১টা সমষ্টি এতিয়া বিপদাপন্ন। তেনেক্ষেত্ৰত ২৭টা সমষ্টিত বিশেষ সম্প্ৰদায় সংখ্যাগুৰু আৰু ১০টা সমষ্টিত অচিৰেই সংখ্যাগুৰু হ’ব বুলিও মন্তব্য কৰে ৰূপম গোস্বামীয়ে। ১৪টা সমষ্টিত ৩০-৪০ শতাংশ ভোটাৰ আছে। এই পৰিস্থিতিৰ পৰা ৰাজ্যক কোনে উদ্ধাৰ কৰিব? সংবাদমেলত প্ৰশ্ন বিজেপিৰ। মুঠৰ ওপৰত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া ৰাজ্যত সৰৱ হৈ পৰিছে শাসক–বিৰোধী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|