নিৰ্বাচনত আন্তৰিকতাৰে সহায় নকৰাসকলৰ বিৰুদ্ধে দলে ল’ব ব্যৱস্থা! ৰাজেন গোঁহাই প্ৰসংগত প্ৰথমবাৰলৈ মুখ খুলিলে ৰূপক শৰ্মাই

বিজেপিত কোনো ব্যক্তিৰ পূজা নহয়, ইয়াত কাৰো পকেট ভোট নাইঃৰূপক শৰ্মা

news18assam
Updated:April 26, 2019, 4:26 PM IST
নিৰ্বাচনত আন্তৰিকতাৰে সহায় নকৰাসকলৰ বিৰুদ্ধে দলে ল’ব ব্যৱস্থা! ৰাজেন গোঁহাই প্ৰসংগত প্ৰথমবাৰলৈ মুখ খুলিলে ৰূপক শৰ্মাই
বিজেপিত কোনো ব্যক্তিৰ পূজা নহয়, ইয়াত কাৰো পকেট ভোট নাইঃৰূপক শৰ্মা
news18assam
Updated: April 26, 2019, 4:26 PM IST

ৰূপক শৰ্মাক কিয় আন্তৰিকতাৰে সহায় নকৰিলে ৰাজেন গোহাঁই–এ? প্রফুল্ল মহন্তৰ বিৰোধিতাই নগাঁৱত বিজেপিক ক্ষতিগ্ৰস্ত কৰিব নে কি? কিয় নিৰ্বাচনী সভাত ভাষণ নিদিলে ৰাজেন গোঁহাই–এ? নিৰ্বাচনৰ পিছত প্ৰথম বাৰলৈ নিউজ18ৰ নীলোত্‍পল বৰাৰ আগত খুলি সকলো কথা ক’লে নগাঁৱৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই।


উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ কামপুৰ, আহতগুৰি আৰু কঠিয়াতলিৰ মাথো তিনিখন সভাতহে অংশগ্ৰহণ কৰিছিল ৰাজেন গোঁহাইয়ে। তাৎপৰ্য্যপূৰ্ণ ভাৱে এখনো সভাত ভাষণ দিয়া নাছিল বৰ্তমানৰ সাংসদ তথা ৰেলৰাজ্যমন্ত্ৰী গৰাকীয়ে। এই কথা নিজ মুখেৰেই ব্যক্ত কৰিলে নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা বিধায়ক ৰূপক শৰ্মাই। আনহাতে  বিজেপিত কাৰো ব্যক্তি পূজা কৰা নহয় বুলি মন্তব্য কৰি বিধায়ক গৰাকীয়ে কয় যে দলক ক্ষতি কৰিব বিচৰা কৰ্মীৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা ল'ব হাইকামাণ্ডে। ইপিনে বিজেপিত কাৰো পকেট ভোট নাই বুলিও মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তয়ো বিজেপিৰ বিৰোধিতা কৰিছিল এই নিৰ্বাচনত। তৎসত্বেও বঢ়মপুৰৰ অগপ কৰ্মীয়ে বিজেপিক ভোট দান কৰিলে আৰু মহন্তৰ আহ্বানক সঁহাৰি নজনালে।  বৰ্তমান পুনৰ সমষ্টিৰ কামকাজত ব্যস্ত হৈ পৰা বুলি সাংবাদিকক জানিবলৈ দিয়া বিধায়কগৰাকীয়ে অহা শণিবাৰে জম্মুৰ বৈষ্ণোদেৱী মন্দিৰলৈ যাত্ৰা কৰিব। এইবাৰ নিৰ্বাচনত ভোটদানৰ হাৰে নগাঁৱত বিজেপিৰ বিজয় নিশ্চিত কৰা বুলিও দাবী কৰিলে নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৰাকীয়ে।

আৰু চাওক পৰৱৰ্তী বাতৰি