এটা উৰা বাতৰিক কেন্দ্ৰ কৰি গোলকগঞ্জৰ দীঘলটাৰী ভোটকেন্দ্ৰত আজি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। কোনো দুষ্ট চক্ৰই মাস্কৰ সৈতে আছে EVMৰ সম্পৰ্ক আছে বুলি উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছতে উত্তেজনাৰ সৃষ্টি হয়।
EVMৰ এটা বুটাম টিপিলে অন্যলৈ যায় বুলি দীঘলটাৰী ভোট কেন্দ্ৰত উৰাবাতৰি বিয়পাই দিয়ে কোনো দুষট চক্ৰই। ফলত ভোট কেন্দ্ৰটোত হুলস্থুলীয়া পৰৱেশৰ সৃ্ষ্টি হয়।
কৰ্তব্যৰত BSFৰ জোৱানে একাংশ লোকক ভোট কেন্দ্ৰটোৰ পৰা আতৰলৈ যাবলৈ নিৰ্দেশ দিয়াৰ সময়তে আন একাংশ লোকে BSFৰ জোৱান কেইজনক বাঁহেৰে আক্ৰমণ কৰে ৷ আক্ৰমণত BSFৰ 38নং বেটেলিয়নৰ তপন আইচ নামৰ এজনৰ লগতে আন এজন জোৱান আহত হয় ৷
পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে BSFৰ দলটোৱে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। পিছত ধুবুৰীৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ এই সংক্ৰান্তত গোলকগঞ্জ আৰক্ষী থানাত এটা গোচৰ ৰুজু হৈছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|