মুখ্যপৃষ্ঠা »খবৰ »অসম »অখিল গগৈৰ মাতৃৰ বিয়োগ হোৱা বুলি ছচিয়েল মিডিয়াত ভুৱা প্ৰচাৰ একাংশৰ, তীব্ৰ প্ৰতিক্ৰিয়া

অখিল গগৈৰ মাতৃৰ বিয়োগ হোৱা বুলি ছচিয়েল মিডিয়াত ভুৱা প্ৰচাৰ একাংশৰ, তীব্ৰ প্ৰতিক্ৰিয়া

সামাজিক মাধ্যম ফেচবুক আৰু হোৱাটচএপ যোগে মুহূৰ্ততে ভাইৰেল হৈ পৰা এই খবৰে সাধাৰণ ৰাইজৰ লগতে সংবাদ মাধ্যমৰ লোকৰ মাজতো হুৱাদুৱাৰ সৃষ্টি কৰে।

  • Share this:
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ থকা কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মাতৃৃৰ আজি চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা বুলি ভুৱা প্ৰচাৰ চলায় একাংশ লোকে।

সামাজিক মাধ্যম ফেচবুক আৰু হোৱাটচএপ যোগে মুহূৰ্ততে ভাইৰেল হৈ পৰা এই খবৰে সাধাৰণ ৰাইজৰ লগতে সংবাদ মাধ্যমৰ লোকৰ মাজতো হুৱাদুৱাৰ সৃষ্টি কৰে। ইফালে সামাজিক মাধ্যমত বিয়পি পৰা এই খবৰ সম্পূৰ্ণ ভূৱা বুলি স্পষ্ট কৰি দিয়ে প্ৰিয়দা গগৈৰ পৰিয়ালৰ লগতে ৰাইজৰ দলৰ তৰফৰ পৰা।

আই চি ইউত চিকিৎসাধীন হৈ থকা প্ৰিয়দা গগৈৰ স্বাস্থ্য মঙলবাৰতকৈ যথেষ্ঠ উন্নত হোৱাৰ লগতে মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা অব্যাহত আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। প্ৰিয়দা গগৈয়ে পৰিয়ালৰ লোকৰ লগত পুুুুৱা কথা–বতৰাও পাতিছে। দীৰ্ঘদিনে মধুমেহ, হৃদৰোগ, চকুত ছানি পৰা ৰোগ, ককাল আৰু মাংসপেশীৰ বিষত আক্ৰান্ত হৈ আহিছে প্ৰিয়দা গগৈ।

আনহাতে পুত্ৰ অখিল গগৈ কাৰাগাৰত থকাৰ পিছৰ পৰা সঘনাই স্বাস্থ্যৰ অৱনতি হৈ আহিছে প্ৰিয়দা গগৈৰ। আনহাতে মঙলবাৰে পুৱা প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি হোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পৰিয়ালৰ লোকে ভৰ্তি কৰাৰ পিছত নিশা আই চি ইউলৈ তেওঁক স্থানান্তৰিত কৰা হয়।

শেহতীয়া বাতৰি