বিশ্বনাথ কাণ্ডৰ সৈতে জড়িত কোন এই ত্ৰিনয়ন, জঘন্য কাণ্ডক লৈ অপপ্ৰচাৰ কোনে চলাইছে?

এখন ফটোৱে তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত, বিশ্বনাথ কাণ্ডক ছচিয়েল মিডিয়াত অপপ্ৰচাৰ

news18assam
Updated:April 19, 2019, 12:03 PM IST
বিশ্বনাথ কাণ্ডৰ সৈতে জড়িত কোন এই ত্ৰিনয়ন, জঘন্য কাণ্ডক লৈ অপপ্ৰচাৰ কোনে চলাইছে?
এখন ফটোৱে তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত, বিশ্বনাথ কাণ্ডক ছচিয়েল মিডিয়াত অপপ্ৰচাৰ
news18assam
Updated: April 19, 2019, 12:03 PM IST
বিশ্বনাথ কাণ্ডক লৈ ছচিয়েল মিডিয়া একাংশ সংবাদ মাধ্যমত চলিছে ব্যাপক চৰ্চা। বিভিন্নজনে এই ঘৃণনীয় ঘটনাক লৈ ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছে নিজৰ নিজৰ মত। কিন্তু শেহতীয়াকৈ এখন ফটোৱে তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত। ফটোখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এজন যুৱক। যুৱকজনৰ ডিঙিত বিজেপিৰ বস্ত্ৰ। নাম ত্ৰিনয়ন হাজৰিকা।

এই ফটোখন ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি এইজন ত্ৰিনয়ন হাজৰিকাই বিশ্বনাথ কাণ্ডৰ অভিযুক্ত বুলি প্ৰচাৰ কৰিছে। একাংশই কৈছে ত্ৰিনয়ন কংগ্ৰেছৰ নহয়, বিজেপিৰ সদস্য। বিভিন্নজনে টাৰ্গেট কৰি লৈছে বিজেপি দলটোকো। কিন্তু ছচিয়েল মিডিয়া আৰু একাংশ সংবাদ মাধ্যমত প্ৰচাৰ চলোৱা এইজন ত্ৰিনয়ন হাজৰিকা বিশ্বনাথ কাণ্ডৰ অভিযুক্ত নহয়। বিশ্বনাথ কাণ্ডৰ অভিযুক্ত ত্ৰিনয়ন হাজৰিকাক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে।

বিজেপি সদস্য ত্ৰিনয়ন হাজৰিকা আৰু বিশ্বনাথ কাণ্ডত জড়িত ত্ৰিনয়নৰ মাজত আছে পাৰ্থক্য। তেওঁলোকৰ নাম দুটাহে একে, মানুহ দুজন সম্পূৰ্ণ বেলেগ। এগৰাকী ত্ৰিনয়নৰ ঘৰ যোৰহাটত আৰু আনগৰাকীৰ ঘৰ বিশ্বনাথত। যোৰহাটৰ ত্ৰিনয়ন হাজৰিকা বিজেপিৰ সৈতে জড়িত, বিজেপি সদস্য। মিছাতে একাংশ লোকে ছচিয়েল মিডিয়াত টাৰ্গেট কৰি লৈছে যোৰহাটৰ ত্ৰিনয়নক। একো নজনাকৈ বিশ্বনাথ কাণ্ডত জড়িত থকা বুলি কোৱা হৈছে ত্ৰিনয়নক। যাৰ বাবে যুৱকজন বৰ্তমান তীব্ৰ মানসিক চাপত ভুগিছে।

যিগৰাকী ত্ৰিনয়ন হাজৰিকা বিশ্বনাথ কাণ্ডত জড়িত তেওঁ বৰ্তমান আৰক্ষীৰ জিম্মাত। মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে ফটো উঠা সেইগৰাকী ত্ৰিনয়ন হাজৰিকা বিশ্বনাথ কাণ্ডৰ সৈতে কোনোপধ্যে জড়িত নহয়। এয়া একাংশ লোকে নজনাকৈয়ে কৰা প্ৰচাৰ। Time8 নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে এই তথ্য।

সেয়েহে, ছচিয়েল মিডিয়াত কোনো সঠিক তথ্য নজনাকৈ পোষ্ট শ্বেয়াৰ কৰোতে সাৱধান হোৱা উচিত। কাৰোবাৰ অজ্ঞানতাই কাৰোবাৰ জীৱনলৈ নমাই আনিব পাৰে অপযশ, অমানিশা।    ছচিয়েল মিডিয়াত অপপ্ৰচাৰক লৈ ত্ৰিনয়ন হাজৰিকাৰ পোষ্ট :
আৰু চাওক পৰৱৰ্তী বাতৰি