এইবাৰ দুৰ্গা পূজাত মানিব লাগিব বহু নীতি-নিয়ম, বন্ধ থাকিব সুৰাৰ বিপণী, নোৱাৰিব এইবোৰ কাম কৰিব!

News18 Assam | News18-Assam
Updated:October 15, 2020, 5:39 PM IST
এইবাৰ দুৰ্গা পূজাত মানিব লাগিব বহু নীতি-নিয়ম, বন্ধ থাকিব সুৰাৰ বিপণী, নোৱাৰিব এইবোৰ কাম কৰিব!
বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ পূজা কমিটীৰ বিষয়ববীয়া সকল এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ পূজা কমিটীৰ বিষয়ববীয়া সকল এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

  • Share this:
হ্ৰাস পাইছে কোৰোমাৰ সংক্ৰমণ। তথাপিও বহু নীতি-নিয়মৰ মাজেৰে এইবাৰ উদযাপন কৰা হ’ব দুৰ্গা পূজা। বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ পূজা কমিটীৰ বিষয়ববীয়া সকল এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। শাৰদীয় দুৰ্গোৎসৱ উদযাপন সন্দৰ্ভত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বৈঠক।

  • ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি পূজা কমিটিীসমূহে উদযাপন কৰিব লাগিব এইবাৰৰ পূজা।


  • প্ৰতিখন পূজা মণ্ডপৰ এক মিটাৰ দূৰত ভক্তিমূলক অনুষ্ঠান কৰিব পৰিব।  পূজাস্থলীত প্ৰসাদ বিতৰণ কৰিব নোৱাৰিব।

  • ১০ বজাৰ আগত পূজাৰ সকলো কাম শেষ কৰিব লাগিব। মেলা, সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব। 

  • পূজাৰ কেইদিন বাইকত দুজন ব্যক্তি একেলগে উঠিব নোৱাৰিব।

  • হোটেল ,ৰেষ্টুৰেণ্ট সমূহ ৯ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব।


  • ৰেষ্টুৰেণ্টত কোনো বহি খাব নোৱাৰিব,ক্ৰয় কৰি লৈ যাব লাগিব।

  • মূৰ্তি বিসৰ্জনৰ বাবে কেৱল ১০ জনহে লোক যাব পাৰিব।

  • কাচমাৰি,সোণাপুৰ, চন্দ্ৰপুৰ, সাউকুচি, পাণ্ডু, চুনশালী, আজাৰা ঘাটত বিসৰ্জন হব।

  • লগতে স্থানীয় পূজা মণ্ডপৰ ওচৰত বিসৰ্জন দিবলৈ পূজা কমিটী সমূহক আহ্বান প্ৰশাসনৰ।

  • বেলতলা, দিছপুৰ অঞ্চলৰ কমিটী সমূহে এইবাৰ সাউকুচিত বিসৰ্জন দিব লাগিব।

  • ঠাই ভেদে যান-বাহনৰ নীতি নিয়ম বেলেগ বেলেগ হ’ব। 

  • দশমীৰ দিনা বন্ধ থাকিব সুৰাৰ বিপনী।

Published by: Himangshu Bhuyan
First published: October 15, 2020, 5:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading