থাকিব বহুখিনি বাধা!কিদৰে এইবাৰ উদযাপন কৰা হ’ব দুৰ্গা পূজা-বিশ্বকৰ্মা পূজা? চৰকাৰে বান্ধি দিলে বহু খিনি নীতি-নিৰ্দেশনা

News18 Assam | News18-Assam
Updated:September 16, 2020, 11:34 PM IST
থাকিব বহুখিনি বাধা!কিদৰে এইবাৰ উদযাপন কৰা হ’ব দুৰ্গা পূজা-বিশ্বকৰ্মা পূজা? চৰকাৰে বান্ধি দিলে বহু খিনি নীতি-নিৰ্দেশনা
আৰম্ভ হৈছে উত্‍সৱৰ বতৰ। কাইলৈ বিশ্বকৰ্মা পূজা লগতে মহালয়া। সেইদৰে দুৰ্গা পূজালৈয়ে নাই বেছি দিন।

আৰম্ভ হৈছে উত্‍সৱৰ বতৰ। কাইলৈ বিশ্বকৰ্মা পূজা লগতে মহালয়া। সেইদৰে দুৰ্গা পূজালৈয়ে নাই বেছি দিন।

  • News18 Assam
  • Last Updated: September 16, 2020, 11:34 PM IST
  • Share this:
আৰম্ভ হৈছে উত্‍সৱৰ বতৰ। কাইলৈ বিশ্বকৰ্মা পূজা লগতে মহালয়া। সেইদৰে দুৰ্গা পূজালৈয়ো নাই বেছি দিন। কিন্তু কোৰোণাৰ ভয়াৱহতাৰ বাবে এইবাৰ নাই পূজাৰ বিশেষ উচাহ। আনকি এইবাৰ হেঁপাহৰ ৰঙালী বিহুটিও উদযাপন কৰিব পৰা নগ’ল।

কোৰোণাৰ ভয়াৱহতাৰ মাজতো অনুষ্টুপীয়াকৈ দুৰ্গা পূজা আয়োজন কৰিবলৈ ৰাজ্য চৰকাৰে দিছে অনুমতি। বুধবাৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিলে পূজা উদযাপনৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা-


  • পূজা মণ্ডপৰ আগত কোনো ধৰণৰ মেলা থাকিব নোৱাৰিব।

  • পথৰ কাষত কোনো ধৰণৰ অস্থায়ী পেণ্ডেলৰ ব্যৱস্থা কৰিব নোৱাৰিব।

  • পূজাৰী, আয়োজক সহ সৰ্বাধিক ৩০ জন লোক সমবেত হ’ব পাৰিব পূজা মণ্ডপত।

  • সৰ্বাধিক ২০ গৰাকী ভক্ত পূজা মণ্ডপৰ ভিতৰত গোট খাব পাৰিব। আৰু সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব।


  • পূজা আয়োজকে কোনো ভক্তকে মাস্ক পৰিধান নকৰাকৈ বা হাত নোধুৱাকৈ পূজা মণ্ডপত প্ৰৱেশ কৰিবলৈ দিব নোৱাৰিব। পূজা মণ্ডপত চেনিটাইজাৰৰ ব্যৱস্থা কৰাটো আয়োজকৰ দায়িত্ব।




  • একেদিনাই কোনো ধৰণৰ শোভাযাত্ৰা কৰিব নোৱাৰিব। এখন মণ্ডপৰ সৰ্বাধিক পাঁচজন লোকহে দেৱী বিষৰ্জন কৰিবলৈ যাবলৈ অনুমতি দিয়া হ’ব।

  • সকলো দৰ্শনাৰ্থীক থাৰ্মেল স্কেন কৰোৱাটো পূজা কমিটীৰ দায়িত্ব। কোনো লোকৰ দেহত যদি কোৰোণাৰ লক্ষণ থাকে, তেন্তে পূজা মণ্ডপত প্ৰৱেশ কৰিবলৈ দিব নোৱাৰিব।

  • পূজা মণ্ডপত থকা কোনো লোকৰ দেহত কোৰোণাৰ লক্ষণে দেখা দিলে ,তেনে লোকক চৰকাৰী চিকিত্‍সাৰ ব্যৱস্থা কৰা বা কোৰোণা ট্ৰিটমেণ্ট টেণ্টাৰত ভৰ্তি কৰোৱাটো পূজা সমিতিৰ দায়িত্ব।

Published by: Himangshu Bhuyan
First published: September 16, 2020, 11:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading