உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ক’লা কাপোৰৰ ভয়ে খেদিছে ৰাজ্য চৰকাৰক! গণৰাজ্য দিৱসৰ অনুষ্ঠানত নিষিদ্ধ এইসমূহ সামগ্ৰী

    ক’লা কাপোৰৰ ভয়ে খেদিছে ৰাজ্য চৰকাৰক! গণৰাজ্য দিৱসৰ অনুষ্ঠানত নিষিদ্ধ এইসমূহ সামগ্ৰী

    ক’লা পতকাৰ ভয়ত আৰক্ষী, প্ৰশাসন ৷ ২৬ জানুৱাৰীৰ দিনা খানাপাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰবেশ কৰা জনতালৈ আৰক্ষীৰ বিশেষ নিৰ্দেশ

    ক’লা পতকাৰ ভয়ত আৰক্ষী, প্ৰশাসন ৷ ২৬ জানুৱাৰীৰ দিনা খানাপাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰবেশ কৰা জনতালৈ আৰক্ষীৰ বিশেষ নিৰ্দেশ

    ক’লা পতকাৰ ভয়ত আৰক্ষী, প্ৰশাসন ৷ ২৬ জানুৱাৰীৰ দিনা খানাপাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰবেশ কৰা জনতালৈ আৰক্ষীৰ বিশেষ নিৰ্দেশ

    • Share this:
    পূৰ্ণগতিত প্ৰস্তুতি চলিছে ৭১সংখ্যক গণৰাজ্য দিৱসৰ৷ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আহিল মুখ্য সচিবকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়া৷ মুখ্য সচিবৰ পৰিদৰ্শন কালতে আৰক্ষী আয়ুক্তই দিলে জনসাধাৰণক নিৰ্দেশনা৷

    "দৰ্শকে খানাপাৰাত পেৰেড চাবলৈ আহিলে লগত নিব পাৰিব কেৱল মোবাইল ফোন, মানী পাৰ্ছ আৰু গাড়ী বা মটৰ চাইকেলৰ ছাবি জাতীয় সামগ্ৰীহে৷ প্ৰৱেশৰ পূৰ্বে কৰা হ’ব সকলো লোকৰে তালাচী৷ খানাপাৰা খেলপথাৰ সুৰক্ষিত কৰাৰ বাবে সকলো নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে৷ চিচি টিভি কেমেৰাৰ নজৰত থাকিব সমগ্ৰ এলেকা৷"

    CAA বিৰোধী আন্দোলনৰ পিছতে সমগ্ৰ ৰাজ্যতে মন্ত্ৰী বিধায়কক ক’লা পতাকা দেখুওৱা হৈছে। গতিকে অনুষ্ঠানলৈ আহোতে লগত ক’লা কাপোৰ লৈ অহাতো সম্পূৰ্ণৰূপে নিষেধ কৰা হৈছে৷ আনহাতে জিলা প্ৰশাসনে অসম ৰাজ্যিক পৰিবহণ নিগমৰ যোগেদি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰলৈ দৰ্শকক অনা–নিয়া কৰিবলৈ ব্যৱস্থা কৰিছে বিনামূলীয়া চিটী বাছ সেৱাৰ৷

    কেন্দ্ৰীয়ভাৱে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত আয়োজন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ্যপাল জগদূশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ এইবাৰ মুঠ ২১টা দলে মাৰ্ছপাষ্টত অংশ ল’ব৷ য’ত ITBP, BSF, CRPF, BSFকে ধৰি অৰ্ধসামৰিক বাহিনীৰ লগতে অসম আৰক্ষীৰ বহুকেইটা সংগঠনৰ বিষয়া–জোৱানে অংশগ্ৰহণ কৰিব ৷

    লগতে থাকিব অসম আৰক্ষীৰ অশ্বাৰোহী বাহিনী আৰু বিভিন্ন বিদ্যালয়–মহাবিদ্যালয়ৰ NCC আৰু স্কাউট এণ্ড গাইডৰ ছাত্ৰ-ছাত্ৰীয়ে৷ পেৰেড গ্ৰাউণ্ডত প্ৰৱেশৰ বাবে এইবাৰ  চাৰিখন গেটৰ ব্যৱস্থা কৰা হৈছে৷ তাৰে দুখন গেট সাধাৰণ দৰ্শকৰ বাবে আৰু দুখন গেট থাকিব VIP, চৰকাৰী উচ্চপদস্থ বিষয়াৰ বাবে৷ খেলপথাৰৰ আশে পাশে কৰা হৈছে বিশেষ পাৰ্কিঙৰ ব্যৱস্থা কৰিব৷
    Published by:Himangshu Bhuyan
    First published: