• Home
  • »
  • News
  • »
  • assam
  • »
  • কোনেও নুশুনে কাৰো কথা! অসম-মিজোৰাম সীমা বিবাদ আৰু ভুৱা কৃষকক লৈ উত্তাল বিধানসভা

কোনেও নুশুনে কাৰো কথা! অসম-মিজোৰাম সীমা বিবাদ আৰু ভুৱা কৃষকক লৈ উত্তাল বিধানসভা

হাতে হাতে প্লেকাৰ্ড লৈ বিৰোধীৰ প্ৰতিবাদ, অখিল গগৈক অধ্যক্ষৰ কটাক্ষ

হাতে হাতে প্লেকাৰ্ড লৈ বিৰোধীৰ প্ৰতিবাদ, অখিল গগৈক অধ্যক্ষৰ কটাক্ষ

হাতে হাতে প্লেকাৰ্ড লৈ বিৰোধীৰ প্ৰতিবাদ, অখিল গগৈক অধ্যক্ষৰ কটাক্ষ

  • Share this:
হুলস্থূল ! কোনেও কাৰো কথা নুশুনে ! এক অনিয়ন্ত্ৰিত পৰিৱেশ ৷ বুধবাৰৰ অসম বিধানসভাৰ মজিয়াত এনে পৰিৱেশৰে সূচনা হয় ৷ মিজোৰামৰ লাইলাপুৰ সীমান্তত কি পৰিস্থিতিত অসম আৰক্ষীৰ ৬ জোৱান গুলীবিদ্ধ হৈ মৃত্যুমুখত পৰিল? তাৰ উত্তৰ বিচাৰি সদনত উত্তাল পৰিৱেশৰ সূচনা কৰিলে বিৰোধী কংগ্ৰেছ, AIUDF, CPI-M আৰু ৰাইজৰ দলৰ অখিল গগৈয়ে ৷ হাতে হাতে প্লেকাৰ্ড লৈ নিজ নিজ আসন এৰি অধ্যক্ষৰ আসনৰ সন্মুখলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধীয়ে ৷

ইয়াৰ পূৰ্বে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰি কয়- “অত্যন্ত দুখজনক আছিল লাইলাপুৰৰ ঘটনা ৷ আমি আমাৰ মাটি এক ইঞ্চিও কাকো এৰি নিদিও ৷ আমাৰ আৰক্ষীক আমি শক্তিশালী কৰিম ৷ ১৯৭২ চনৰ পৰা কংগ্ৰেছৰ দিনত সীমান্তত ৩৪জন আৰক্ষী নিহত হৈছে ৷”

কিন্তু সংসদীয় পৰিক্ৰমা মন্ত্ৰীৰ উত্তৰত সন্তুষ্ট নহৈ বিৰোধীয়ে প্লেকাৰ্ড হাতি হাতে লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ এনে পৰিস্থিতিত অধ্যক্ষই বাৰম্বাৰ বিৰোধী সদস্যসকলক নিজ নিজ আসন গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ কিন্তু বিৰোধীয়ে প্ৰতিবাদ বন্ধ নকৰাত শাসক পক্ষৰ সদস্যসকলেও নিজ নিজ আসন এৰি বিৰোধী পক্ষৰ বিধায়কসকলক বাধা দিবলৈ অধ্যক্ষৰ আসনৰ কাষলৈ যায় ৷ এনে অনিয়ন্ত্ৰিত পৰিৱেশত শেষত অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে সদন ৪০ মিনিটৰ বাবে স্থগিত ৰাখিবলৈ বাধ্য হয় ৷

শূন্যকালীন ঘণ্টাত সীমা বিবাদকলৈ সৃষ্টি হোৱা পৰিৱেশৰ পূৰ্বে প্ৰশ্নকালীন ঘণ্টাটো আন এক হুলস্থূলীয়া পৰিৱেশৰ সূচনা কৰে বিৰোধী পক্ষই ৷ প্ৰধানমন্ত্ৰী কৃষক নিধিত ভুৱা কৃষকৰ ওপৰত বিৰোধীয়ে প্ৰশ্নৰ অৱতাৰণা কৰে বিৰোধী পক্ষই ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ভুৱা কৃষকৰ কেলেংকাৰী সন্দৰ্ভত CBI তদন্তৰ দাবী কৰে ৷

কিন্তু এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী অতুল বৰাৰ পৰা বিশেষ সহাৰি নোপোৱাত বিৰোধী পক্ষই হাতে হাতে প্লে-কাৰ্ড লৈ সদনৰ মজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে ৷ এনে পৰিৱেশত অধ্যক্ষই পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে ৷ কিন্তু সততে সকলো সময়তে সদনত প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ চেষ্টা কৰা অখিল গগৈয়ে কৃষি মন্ত্ৰীয়ে ভুল তথ্য দিয়া বুলি সদনত দাবী কৰে ৷ অখিল গগৈৰ এই দাবীক অধ্যক্ষই প্ৰতিমূহূৰ্তত কিয় অখিল গগৈয়ে কাজিয়া কৰিবলৈ বিচাৰে বুলি প্ৰশ্ন কৰে ৷ অধ্যক্ষই মন আৰু চৰিত্ৰ ভাল হোৱাৰ বাবেই সদনলৈ বিধায়কসকল নিৰ্বাচিত কৰি পঠিওৱাৰ পিছতো কিয় সদনত এনে পৰিৱেশ সৃষ্টি কৰে বুলিও অধ্যক্ষই মন্তব্য কৰে ৷

মুঠতে সীমা বিবাদ আৰু ভুৱা কৃষকৰ বিষয়কলৈ বুধবাৰে সদনত দুবাৰকৈ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ৷ অৱশ্যে সদনৰ আৰম্ভণিতে মিজোৰামৰ সীমান্তত নিহত ৬ আৰক্ষীৰ আত্মাৰ সদগতি আৰু আহতসকলৰ আশু আৰোগ্য কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় ৷ লগতে শিক্ষাবিদ নীৰু হাজৰিকা আৰু সাহিত্যিক, নাৰীবাদী সংগঠক ড° অনিমা গুহৰ মহাপ্ৰয়াণৰ সন্দৰ্ভতো দুয়োগৰাকীৰ আত্মাৰ সদগতিৰ বাবে আন এক মিনিট মৌন প্ৰাৰ্থনা কৰে সদনে ৷
Published by:Himangshu Bhuyan
First published: