ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ নেতৃত্বত সুৰক্ষিত নহয় অসমীয়া জাতি: ৰুবুল দাস।
ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ নেতৃত্বত সুৰক্ষিত নহয় অসমীয়া জাতি: ৰুবুল দাস।
উপনিৰ্বাচন (By Election)ৰ প্ৰাকক্ষণত ৰাইজৰ দল (Raijor Dal)ত মোক্ষম আঘাত হানি দল ত্যাগ কৰিলে বিগত নিৰ্বাচনত ৰাইজৰ দলৰ ৰহা সমষ্টিৰ প্ৰাৰ্থী ৰুবুল দাসে (Rubul Das)। ৰাইজৰ দলৰ মজিয়াত গণতান্ত্ৰিক প্ৰমূল্যবোধৰ বিলুপ্তি ঘটা বুলি অভিযোগ কৰি ৰাইজৰ দল ত্যাগ কৰিলে ৰুবুল দাসে।
"একমাত্ৰ আদৰ্শগত সংঘাতৰ বাবে ৰাইজৰ দল ত্যাগ কৰিছোঁ বিজেপিক প্ৰতিহত কৰিব পৰাকৈ বিৰোধী শক্তি একত্ৰিত হোৱাত ব্যৰ্থ হৈছিল।ৰাইজৰ দলক শক্তিশালী কৰাতকৈ অখিল গগৈ (Akhil Gogoi)য়ে বিৰোধী শক্তিকহে বিভাজন কৰাৰ চেষ্টা কৰিলে। ৰাইজৰ দলত এতিয়া সুস্থ গণতন্ত্ৰ নাই।ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ নেতৃত্বত অসমীয়া জাতি একেবাৰেই সুৰক্ষিত নহয়।" দল ত্যাগ কৰি সংবাদমাধ্যমৰ আগত এনেদৰেই মন্তব্য কৰিলে বিগত বিধানসভা সমষ্টিত ৰহা সমষ্টিৰ পৰা ৰাইজৰ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা ৰুবুল দাসে।
অখিল গগৈৰ বাবেই ৰাইজৰ দল ত্যাগ কৰা সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত ৰুবুল দাসে উল্লেখ কৰে। অখিল গগৈৰ ৰাইজৰ দলে থাওৰা (Thowra) সমষ্টিত ধৈৰ্য কোঁৱৰক বলিৰ পঠা সজাইছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰুবুল দাসে।
উল্লেখযোগ্য যে জাতীয় সংগঠনৰ লগত জড়িত হৈ অসমৰ ৰাইজৰ স্বাৰ্থত দিল্লীত উলংগ হৈ প্ৰতিবাদ কৰা নেতা ৰুবুল দাসে পূৰ্বতে কংগ্ৰেছ (Congress) দলত যোগদান কৰি টিকট লাভ নকৰি শেহতীয়াকৈ গঠন হোৱা ৰাইজৰ দলৰ পৰা প্ৰাৰ্থীত্ব লৈ ৰহা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল বিধানসভা নিৰ্বাচনত ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|