
Source-Google
‘এক দীৰ্ঘদিনীয়া অপেক্ষাৰ পিছত এয়া ঐতিহাসিক ৰায়’
ঐতিহাসিক অযোধ্যা ভূমি বিবাদৰ চূড়ান্ত ৰায়দানৰ পিছতে সংবাদমেল সম্বোধন কৰিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ RSS-এ। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ আৰু মুছলমান সকলক সন্মানজনক ৫ একৰ ভূমি প্ৰদানৰ যি ৰায়দান, সেই ৰায়ক আদৰণি জনাইছে সংগঠনটোৱে। সংবাদমেল সম্বোধন কৰি শংকৰ দাসে কয় যে, ‘এক দীৰ্ঘদিনীয়া অপেক্ষাৰ পিছত এয়া ঐতিহাসিক ৰায়। এয়া কাৰো জয় পৰাজয় নহয়। কোনো অন্যায় নকৰাকে দুটা পক্ষকে ন্যায় দিলে উচ্চতম ন্যায়ালয়ে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এই ৰায়ক আদৰণি জনাইছো। এই ৰায়ৰ কাৰ্যকৰীকৰণ শীঘ্ৰে হ'ব লাগে।’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|