CAA-NRC: ননী গোপাল মহন্তৰ গ্ৰন্থ উন্মোচন মোহন ভাগৱতৰ, মুখ্যমন্ত্ৰীয়ে ক'লে– 'অসমত CAA আন্দোলনৰ গ্ৰহণযোগ্যতা নাই বুলি ক'ব নোৱাৰি...'

News18 Assam | News18-Assam
Updated:July 21, 2021, 3:55 PM IST
CAA-NRC: ননী গোপাল মহন্তৰ গ্ৰন্থ উন্মোচন মোহন ভাগৱতৰ, মুখ্যমন্ত্ৰীয়ে ক'লে– 'অসমত CAA আন্দোলনৰ গ্ৰহণযোগ্যতা নাই বুলি ক'ব নোৱাৰি...'
পাকিস্তানক লক্ষ্য কৰি ভাগৱতে কয়– ভাৰতে সংখ্যালঘুৰ কথা চিন্তা কৰে, কিন্তু পাকিস্তানে নকৰে ৷

পাকিস্তানক লক্ষ্য কৰি ভাগৱতে কয়– ভাৰতে সংখ্যালঘুৰ কথা চিন্তা কৰে, কিন্তু পাকিস্তানে নকৰে ৷

  • Share this:

'CAA- NRCৰ প্ৰভাৱত যদি পাকিস্তানত আমাৰ মানুহ ক্ষতি হয়, তেন্তে আমি চিন্তা কৰিব লাগিব ৷' - গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ননী গোপাল মহন্তৰ 'Citizenship Debate Over NRC & CAA: Assam and the Politics of History' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি এই মন্তব্য কৰে RSS প্ৰধান মোহন ভাগৱতে ৷


শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধানগৰাকীয়ে কয় যে ভাৰত–পাকিস্তান কৰাৰ লক্ষ্যৰে ১৯৩০ চনৰ পৰাই মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈছিল ৷ এই লক্ষ্যৰে ভাৰত দ্বিখণ্ডিত কৰাত সফল হৈছিল সংখ্যালঘু ৷ যি চিন্তা বৰ্তমানে ভাৰত তথা অসমত হৈছে ৷ পাকিস্তানক লক্ষ্য কৰি তেওঁ পুনৰ কয়– ভাৰতে সংখ্যালঘুৰ কথা চিন্তা কৰে, কিন্তু পাকিস্তানে নকৰে ৷


'ধৰ্মনিৰপেক্ষতা, গণতন্ত্ৰ সন্দৰ্ভত আমাক কোনেও শিক্ষা দিব নালাগে' বুলি মন্তব্য কৰি RSS প্ৰধানগৰাকীয়ে কয় যে CAA- NRCৰ দ্বাৰা ভাৰতৰ নাগৰিকৰ কোনো ক্ষতি নহয়।



অনুষ্ঠানত উপস্থিত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে গুৰুত্বপূৰ্ণ কথা। তেওঁ কয়– অসমত CAA আন্দোলনৰ গ্ৰহণযোগ্যতা নাই বুলি ক'ব নোৱাৰি ৷ কিয়নো পৰিচয়ৰ শংকাত ভোগাৰ বাবে এই আন্দোলন হৈছিল। কিন্তু দিল্লী, চেন্নাইৰ CAA আন্দোলনৰ বিপৰীত অসমৰ আন্দোলন ৷ বাহিৰৰ ৰাজ্যৰ CAA আন্দোলন সাম্প্ৰদায়িক ৷


মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে  অসমৰ ধুবুৰীত কোন জনপ্ৰিয় তাক লৈ প্ৰশ্ন উঠিছে, প্ৰশ্ন হ'ব লাগিছিল যোৰহাটক লৈ ৷ কিন্তু নহ'ল ৷ একেদৰে মন্দিৰ-নামঘৰৰ প্ৰতিযোগিতা নহয় অসমত ৷ বিপৰীতে প্ৰতিযোগিতা চলিছে জনসংখ্যা বৃদ্ধিৰ ৷ উল্লেখ্য, CAA আৰু NRC সন্দৰ্ভত সকলো তথ্য লাভ কৰিবলৈ অধ্যাপক ননী গোপাল মহন্তৰ  এই গ্ৰন্থখন অধ্যয়ন কৰিবলৈ আহ্বান জনায়।

Published by: Gautam Barman
First published: July 21, 2021, 3:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি