শাসকীয় বিজেপি (BJP) আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Narendra Modi) বিৰুদ্ধে সৰৱ ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা (Ripun Borah)। শুকুৰবাৰে সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰাই। ৰিপুণ বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰে। নৰেন্দ্ৰ মোদীৰ ভুল নীতিৰ বাবে দেশৰ অৰ্থনৈতিক অৱস্থা অৱনমিত হৈছে বুলি কয় ৰিপুণ বৰাই।
ৰিপুণ বৰাই কয়, ‘‘বিগত ৭ বছৰত মোদীয়ে দেশৰ নিবনুৱাক চাকৰি দিয়াটো দূৰৰ কথা, এই সময়তছোৱাত চাকৰি হেৰুৱাইছে প্ৰায় ৪ লাখ যুৱক যুৱতীয়ে। এইমুহুৰ্তত দেশত ৯ লাখ চাকৰি খালী আছে যদিও সেই পদত নিযোগৰ কোনো ব্যৱস্থা কৰা নাই চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ বছৰত এটাও ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান জন্ম দিব পৰা নাই। তাৰ বিপৰীতে কংগ্ৰেছৰ দিনত জন্ম হোৱা প্ৰতিষ্ঠানসমূহ মোদীয়ে বিক্ৰী কৰিলে।’’
ৰিজাৰ্ভ বেংকৰ লাভাংশ আৰু অতিৰিক্তভাৱে সঞ্চিত টকা মোদী চৰকাৰে নজিৰবিহীনভাৱে বলপূৰ্বক খৰচ কৰিছে। অনিয়ন্ত্ৰিত বৈদেশিক ঋণৰ বোজাত ভাৰতৰ অৰ্থনীতি বিধ্বস্ত হৈছে বুলি অভিযোগ কৰে সাংসদগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|