মুখ্যপৃষ্ঠা » খবৰ

» অসম

»লংকাত মহিলাৰ পৰা চিলনী চোৰে থপিয়াই নিলে টকাৰ মোনা

লংকাত মহিলাৰ পৰা চিলনী চোৰে থপিয়াই নিলে টকাৰ মোনা

News18 Assam | News18-Assam
Updated:September 29, 2020, 6:37 PM IST
লংকাত মহিলাৰ পৰা চিলনী চোৰে থপিয়াই নিলে টকাৰ মোনা
মহিলাগৰাকীয়ে লংকাৰ SBIৰ পৰা নগদ ৬০,০০০ টকা উলিয়াই ঘৰলৈ উভতাৰ পথত বাছ আস্থানৰ সমীপতে দুই চিলনী চোৰে টকাৰ মোনাখন থপিয়াই লৈ যায়।

মহিলাগৰাকীয়ে লংকাৰ SBIৰ পৰা নগদ ৬০,০০০ টকা উলিয়াই ঘৰলৈ উভতাৰ পথত বাছ আস্থানৰ সমীপতে দুই চিলনী চোৰে টকাৰ মোনাখন থপিয়াই লৈ যায়।

  • News18 Assam
  • Last Updated: September 29, 2020, 6:37 PM IST
  • Share this:
লংকাত চিলনী চোৰৰ সন্ত্ৰাস। মঙলবাৰে দিন দুপৰতে লংকা চহৰ বাছ আস্থানৰ সমীপতে বাইকত অহা দুই দুৰ্বৃত্তই এগৰাকী মহিলাৰ হাতৰ পৰা কাঢ়ি নিয়ে টকাৰ মোনা। মহিলাগৰাকীয়ে লংকাৰ SBIৰ পৰা নগদ ৬০,০০০ টকা উলিয়াই ঘৰলৈ উভতাৰ পথত বাছ আস্থানৰ সমীপতে দুই চিলনী চোৰে টকাৰ মোনাখন থপিয়াই লৈ যায়।

উল্লেখযোগ্য যে নিৰ্মলা দেৱী নামৰ  প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীৰ হাতৰ পৰা কাঢ়ি নিয়া বেগত মুঠ ৬০,৮০০ টকা আৰু অন্যান্য গুৰুত্বপূৰ্ণ নথি আছিল বুলি উল্লেখ কৰিছে।

বেংকত থকা অৱস্থাৰ পৰাই দুৰ্বৃত্তৰ দলটোৱে মহিলাগৰাকীক অনুসৰণ কৰা বুলি ব্যক্ত কৰিছে। ঘটনা সংক্ৰান্তত ভুক্তভোগীয়ে লংকা থানাত গোচৰ তৰাত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Published by: Sanjay Kumar Das
First published: September 29, 2020, 6:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি