মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘চাৰি-পাঁচটা সিংহ মিলি চিকাৰ কৰে, বাঘে অকলে কৰে, মই সিংহ নহয়, মই বাঘ’ – ক’লে আৰ পি শৰ্মাই

‘চাৰি-পাঁচটা সিংহ মিলি চিকাৰ কৰে, বাঘে অকলে কৰে, মই সিংহ নহয়, মই বাঘ’ – ক’লে আৰ পি শৰ্মাই

News18 Assam | News18-Assam
Updated:August 26, 2021, 5:33 PM IST
‘চাৰি-পাঁচটা সিংহ মিলি চিকাৰ কৰে, বাঘে অকলে কৰে, মই সিংহ নহয়, মই বাঘ’ – ক’লে আৰ পি শৰ্মাই
সৌ সিদিনালৈকে নিজকে বিজেপি বুলি চিনাকি দিয়া আৰ পি শৰ্মা এতিয়া হাঁড়ে–হিমজুৱে কংগ্ৰেছী৷

সৌ সিদিনালৈকে নিজকে বিজেপি বুলি চিনাকি দিয়া আৰ পি শৰ্মা এতিয়া হাঁড়ে–হিমজুৱে কংগ্ৰেছী৷

  • Share this:
আৰ পি শৰ্মা আহিছে৷ নিজকে বাঘ আখ্যা দি আহিয়েই ক'লে 'টাইগাৰ জিন্দা হ্যে'৷ লগতে আৰ পি শৰ্মাই ব্যাখ্যা দিলে ২০২১ত কংগ্ৰেছৰ বিপৰ্যয়ৰ কাৰণ৷ আজমল পুত্ৰৰ বাবেই সীমিত আসনত সন্তুষ্ট হ'ব লগীয়া হ'ল মহোজোঁটৰ বিগ ব্ৰাডাৰ কংগ্ৰেছ ৷ সৌ সিদিনালৈকে নিজকে বিজেপি বুলি চিনাকি দিয়া আৰ পি শৰ্মা এতিয়া হাঁড়ে–হিমজুৱে কংগ্ৰেছী৷

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে বহু ঠাইত কংগ্ৰেছ মহাজোঁটে দিছপুৰৰ মচনদ দখল কৰিব বুলি দাবী কৰিছিল আৰ পি শৰ্মাই ৷ পিছে আৰ পি শৰ্মাৰ সপোন সফল নহ'ল ৷ বিপৰ্যয়ৰ সন্মুখীন হ'ল কংগ্ৰেছ দল, পৰাজয় বৰণ কৰিলে আৰ পি শৰ্মায়ো ৷ আৰ পি শৰ্মাৰ দাবী, বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰে মিত্ৰতাই আছিল কংগ্ৰেছৰ বিপৰ্যয়ৰ মূল কাৰণ৷ আৰ পি শৰ্মাই সমগ্ৰ দোষ ঠেলিলে বদৰুদ্দিন আজমলৰ বিধায়ক পুত্ৰ আব্দুৰ ৰহিম আজমলে দিয়া দুটা বিশেষ ভাষণলৈ৷

২২ মাৰ্চ, স্থান যমুনামুখ৷ লুঙী, দাড়ি, টুপীৰ চৰকাৰ হ'ব বুলি ভাষণত কৈছিল আজমল পুত্ৰই৷ লগে লগে BJP IT CELL–এ ইছ্যু কৰি প্ৰভাৱিত কৰিলে ভোটাৰক৷ আৰ পি শৰ্মাৰ দাবী, এই ভাষণে ভোট ভাঙিলে কংগ্ৰেছৰ৷ ইয়াৰ পিছতো ২ এপ্ৰিলত পুনৰ আজমল পুত্ৰই ভৱানীপুৰত দিয়া একে ভাষণৰ বাবে ভোট ভাগিল কংগ্ৰেছৰ৷

"মোৰ এজন খুলশালীয়ে ক'লে, ভিনদেউ ভোট আপোনাকে দিলোঁ৷ কিন্তু ভোট দিওঁতে বৰকৈ কঁপিছিল হাতখন৷ বদৰুদ্দিন আজমলৰ হাতত ৰাজ্যখন গতাব নোৱাৰি৷ মই তেতিয়াই বুজিছিলো, যি হ'ল ভালৰ বাবে নহ'ল৷ বহু খ্ৰীষ্টান, শিখ, মূলসুতিৰ অসমীয়া ভোটাৰৰ ভোট আমি নাপালো৷" – ক’লে আৰ পি শৰ্মাই।

নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ কাৰণ ব্যাখ্যা কৰি উঠি এৰি অহা পুৰণি দলটোৰ কথা আৰু সতীৰ্থ ৰাজেন গোহাঁই আৰু ৰমেন ডেকাক উদ্দেশ্যি আৰ পি শৰ্মাই ক'লে, ৰমেন ডেকা, ৰাজেন গোহাঁইৰ মৰ্যাদা লাঘৱ হৈছে ৷ ডেকা আৰু গোহাঁয়ে ল'ব নালাগিছিল পদবী৷

সতীৰ্থৰ প্ৰতি এই কথা কৈ আৰ পি শৰ্মাই ক'লে – মই বাঘ মই হোৱাহেঁতেন নল’লোহেঁতেন এনে পদবী৷ এয়াই আৰ পি শৰ্মা৷ আৰ পি শৰ্মাৰ পৰা আমি জানিব বিচাৰিছিলো এৰি অহা ঘৰখনলৈ উভতি যাব নেকি নিজকে ৰাজনীতিৰ বাঘ বোলা আৰ পি শৰ্মা৷ শৰ্মাই পোনছাতেই ক'লে, '‘যি ঘৰ এৰি ওলাই গৈছে তেওঁ উভতি অহা হেনো উচিৎ নহয়৷"
Published by: Sanjay Kumar Das
First published: August 26, 2021, 5:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি