আজি নতুন দিল্লীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উপস্থিতিত কংগ্ৰেছ সাধাৰণ সম্পাদক ভেনুগোপালক সাক্ষাৎ কৰিলে আৰ পি শৰ্মাই ।
আজি নতুন দিল্লীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উপস্থিতিত কংগ্ৰেছ সাধাৰণ সম্পাদক ভেনুগোপালক সাক্ষাৎ কৰিলে আৰ পি শৰ্মাই ।
বিজেপিৰ পৰা এলাগী হৈ অৱশেষত কংগ্ৰেছৰ শৰণাপন্ন হ’ল প্ৰাক্তন বিজেপি সাংসদ ৰাম প্ৰসাদ শৰ্মা । আজি দিল্লীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত গৈ সাক্ষাৎ কৰিলেগৈ কংগ্ৰেছ সাধাৰণ সম্পাদক কে ভেনুগোপালক । কিন্তু দীৰ্ঘদিন ধৰি RSS আৰু বিজেপিৰে জড়িত জেষ্ঠ ৰাজনীতিবিদ জনে RSS ৰ আদৰ্শ পৰিত্যাগ কৰা নাই বুলি স্পষ্ট কৰি দিয়ে । আনহাতে মুখ্যমন্ত্ৰীয়ে ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিছে বুলি মন্তব্য কৰে ।
জেডি(ইউ)য়ে গ্ৰহণ নকৰাৰ পাছত কংগ্ৰেছৰ শৰণাপন্ন হল আৰ পি শৰ্মা । কিন্তু RSS ৰ আদৰ্শ পৰিত্যাগ কৰা নাই বুলি মন্তব্য কৰে শৰ্মাই । RSS ৰে জড়িত হৈ থাকিলে কংগ্ৰেছৰ যোগদান কৰিব নোৱাৰাৰ কোনো কথা নাই, এই মন্তব্য শৰ্মাৰ। কংগ্ৰেছ, CPI (M) সকলোতে RSSৰ লোক আছে, এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শৰ্মাই ।
এপদ দুপদকৈ নিজ হাতেৰে নিৰ্মাণ কৰা BJP দলটোয়ে এতিয়া শৰ্মাক এলাগী কৰাৰ অভিযোগ উত্থাপন কৰি নতুন ঘৰৰ সন্ধানত কংগ্ৰেছ মুখী হ’ল বুলিও মন্তব্য কৰে শৰ্মাই ।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শৰ্মাক কংগ্ৰেছলৈ অনাত যথেষ্ট আগভাগ লোৱা পৰিলক্ষিত হয় । আৰ পি শৰ্মাৰ ঘৰ ৱাপচি হোৱা বুলিও মন্তব্য কৰে গগৈয়ে। ১৯৭৬চনত শৰ্মা NSUI ৰে জড়িত হৈ আছিল । RSS আৰু বিজেপিৰে দীৰ্ঘদিন জড়িত হৈ তেওঁ লাভ কৰা অভিজ্ঞতাই কংগ্ৰেছক লাভান্বিত কৰিব বুলিও মন্তব্য কৰে গগৈয়ে ।
কংগ্ৰেছৰ সাধৰণ সম্পাদক কে ভেনুগোপালয়েও শৰ্মাৰ যোগাযোগক আদৰণি জনায় ।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|