প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শুভাৰম্ভ কৰে 'ৰোজগাৰ মেলা'ৰ। এই মেলাৰ জৰিয়তে দেশৰ ৭৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰে নিযুক্তি পত্ৰ। ভিডিঅ' কনফাৰেঞ্চযোগে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰে এই নিযুক্তি পত্ৰ।
আজিৰ এই কাৰ্যসূচীত দেশজুৰি ৫০ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে বিভিন্ন ঠাইৰ পৰা অংশগ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰীৰ পৰা এই মেলাত অংশ লৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মালিগাঁৱস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ৰং ভৱনত অনুষ্ঠিত হৈছে এই অনুষ্ঠান। এই অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত মুঠ ২১২ জনক প্ৰদান কৰা হৈছে নিযুক্তি পত্ৰ। এইসমূহৰ ভিতৰত ডাক বিভাগত ৬০, ৰে'লৱেত ৪৮, প্ৰতিৰক্ষাত ১, বেংকত ২৫, শ্ৰম আৰু নিয়োগত ৫, গৃহ (CRPF, BSF, CISF) ৪২, বিত্ত বিভাগত ৩১ জনে লাভ কৰিব নিযুক্তিপত্ৰ।
উল্লেখ্য যে, আজিৰ অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক আঞ্চুল গুপ্তাসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি।
Published by: Sehnaz Begum
FIRST PUBLISHED : October 22, 2022, 13:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।