মুখ্যপৃষ্ঠা »খবৰ »অসম »Tiger in Cowshed : গোহালিত নিশা কটালে এটা ঢেকীয়াপতীয়া বাঘে, ১২টা গৰু আৰু কেইবাটাও ছাগলীও আছিল একেলগে

Tiger in Cowshed : গোহালিত নিশা কটালে এটা ঢেকীয়াপতীয়া বাঘে, ১২টা গৰু আৰু কেইবাটাও ছাগলীও আছিল একেলগে

গোহালিত বনৰজা

গোহালিত বনৰজা

Tiger in Cowshed : ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা প্ৰাপ্ত বয়স্ক প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ (Royal Bengal Tiger)টোৱে উদ্যানখনৰ কাষৰীয়া বৰছলাৰ নিছলামাৰী গাঁৱত এটা গোহালিত সোমাই আছিল।

  • Share this:
গৰু গোহালিত সোমাল বন ৰজা ৷ এটা গৰু নিধন কৰি নিশা গোহালীতে কটালে বন ৰজাই ৷ হয় শোণিপুৰৰ বৰছলাত এটা ঢেকীয়াপতীয়া বাঘ (Tiger)ৰ প্ৰৱেশ ঘটাত ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয়। বাঘটোৱে এটা পশুধন হত্যা কৰি গোহালিৰ ভিতৰত বুধবাৰে নিশাৰ লগতে সমগ্ৰ দিনটো অৱস্থান কৰি আছিল। বাঘটোক এবাৰ চকুৰে চাবলৈ অঞ্চলটোত শ শ লোকে ভিৰ কৰে। বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ দিনটো বাঘটোক পহৰা দি ৰাখি বিয়লি ভাগত খেদি পঠিয়াবলৈ সক্ষম হয়।

জানিব পৰা মতে নিশাৰ ভাগত ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park)ৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা প্ৰাপ্ত বয়স্ক প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ (Royal Bengal Tiger)টোৱে উদ্যানখনৰ কাষৰীয়া বৰছলাৰ নিছলামাৰী গাঁৱত প্ৰৱেশ কৰে। গাঁওখনৰ বুধেশ্বৰী দাস নামৰ মহিলা গৰাকীৰ গোহালীত নিশাৰে পৰা ঢেকীয়াপতীয়া বাঘটো সোমাই থকাৰ সকলোৱে সন্দেহ প্ৰকাশ কৰিছে। মহিলা গৰাকীৰ পোহনীয়া এটা গৰু নিধন কৰি বাঘ (Royal Bengal Tiger)টোৱে গোহালী ঘৰটোতে সোমাই থাকে। নিশাৰ ভাগত খাদ্যৰ সন্ধানত ওলাই অহা বাঘটোৱে মহিলাগৰাকীৰ গোহালিত সোমাই এটা বলধ গৰু হত্যা কৰি গোহালিটোৰ পৰা বাঘটো আঁতৰি নগ'ল। গোহালীটোৰ ভিতৰত বাঘটোৱে অৱস্থান কৰি থকাত গোহালিত থকা বাৰটাকৈ গৰু আৰু কেইবাটাও ছাগলী গোহালিতেই আৱদ্ধ হৈ ৰয়। মহিলাগৰাকীৰ পোহনীয়া ছাগলীবোৰ থকা চাংখনৰ তলতে বাঘটো অৱস্থান কৰি আছিল।



ইফালে বাঘটোৰ বাবে নিশাৰ পৰাই পৰিয়ালটোৱেও ঘৰ এৰি নিৰাপদ স্থানত থাকিবলগীয়া হয় ৷ ইপিনে নিছলামাৰী গাঁৱত বনৰজাৰ আতংকৰ খবৰ পোৱাৰ পাছতেই ঘটনাস্থলীত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনৰক্ষী বাহিনীৰ দল আৰু ঢেকিয়াজুলি বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীৰ উপৰি স্থানীয় আৰক্ষীৰ দল উপস্থিত হয়। ৰাইজৰ নিৰাপত্তাৰ কথা ভাবি বন বিভাগে বাঘটোক দিনৰ ভাগত ৰাষ্ট্ৰীয় উদ্যানখনৰ দিশে খেদি নিয়াৰ বিপৰীতে বাঘটোৱে যাতে কাৰো অনিষ্ট সাধন নকৰে তাৰ বাবে সতৰ্ক হৈ থাকে। পৰৱৰ্তী সময়ত বন বিভাগৰ দলটোৱে বাঘটোক ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দিশে খেদি পঠিয়াবলৈ সক্ষম হোৱাত ৰাইজে স্বস্তিৰ নিশ্বাস পলায়।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

প্ৰায় ১৫ ঘণ্টা সময় ধৰি ঢেকীয়াপতীয়া বাঘটোৱে নিছলামাৰী গাঁওখনত অৱস্থান কৰি থকাত ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছিল।

শেহতীয়া বাতৰি