உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • গুৱাহাটীৰ পিছত এইবাৰ বাক্সাৰ মটঙা নৈৰ ওপৰত ৰোপৱে’! চৰকাৰে নহয়, নিৰ্মাণ কৰি আছে কেইজনমান যুৱকে

    গুৱাহাটীৰ পিছত এইবাৰ বাক্সাৰ মটঙা নৈৰ ওপৰত ৰোপৱে’! চৰকাৰে নহয়, নিৰ্মাণ কৰি আছে কেইজনমান যুৱকে

    প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই মিনি ৰোপৱে’ৰ কাম ইতিমধ্যে ৫০ শতাংশ সম্পন্ন হৈছে।

    প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই মিনি ৰোপৱে’ৰ কাম ইতিমধ্যে ৫০ শতাংশ সম্পন্ন হৈছে।

    প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই মিনি ৰোপৱে’ৰ কাম ইতিমধ্যে ৫০ শতাংশ সম্পন্ন হৈছে।

    • Share this:
    চহৰ-নগৰ নহয়, এইবাৰ গাঁৱৰ মাজত স্থাপন হ’ব ৰ'পৱে৷ ৰাইজে নখ জোকাৰিলে নৈ বয়, চৰকাৰৰ প্ৰতিশ্ৰুতি তেনেকৈয়ে ৰয়। গুৱাহাটীৰ পিছত এইবাৰ বাক্সাৰ মটঙা নদীৰ ওপৰত নিৰ্মাণ হ’ব ৰোপৱে’৷ কেইজনমান যুৱকৰ প্ৰচেষ্টাত নিৰ্মাণ হ’বলৈ গৈ আছে ৰ'পৱে৷ ভৰ বাৰিষাৰ প্ৰাকক্ষণত যুদ্ধকালীন প্ৰস্তুতিৰে মটঙা নৈৰ ওপৰত কৰি থকা হৈছে ৰোপৱে’ নিৰ্মাণৰ কাম।

    প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই মিনি ৰোপৱে’ৰ কাম ইতিমধ্যে ৫০ শতাংশ সম্পন্ন হৈছে। নৈৰ ইপাৰৰ পৰা সিপাৰলৈ নিৰ্মাণ হ’বলগীয়া ৰোপৱে’ৰ দৈৰ্ঘ্য চাৰিশ ফুট। ৰোপৱে’ত একেলগে পাৰ হ’ব মটৰচাইকেল আৰু যাত্ৰী। বিশেষ কাৰিকৰী ব্যৱস্থাৰে নিৰ্মাণ হৈ থকা এই মিনি ৰোপৱে’ত দিব্যাংগ লোকৰ বাবে থাকিব হুইল চেয়াৰো।

    বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ অতি ব্যস্ত নাগ্ৰীজুলি-কাউলী-কুমাৰীকাটা সংযোগী গড়কাপ্তানী পথৰ মাজত থকা মটঙা নৈৰ দলং নিৰ্মাণ নোহোৱাত অঞ্চলটোৰ কেইজনমান যুৱকে নিজাকৈ নিৰ্মাণ কৰিবলৈ ওলাইছে এই মিনি ৰোপৱে’। কোনো চৰকাৰী ধন বা বৰঙণি অবিহনে নিৰ্মাণ হৈ থকা এই ৰোপৱে’ সম্পূৰ্ণ হৈ উঠিবলৈ সময় লাগিব ১০ৰ পৰা ১৫ দিন।

    নিৰ্বাচনৰ প্ৰাকক্ষণত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে প্ৰতিশ্ৰুতি দি গৈছিল যদিও এতিয়ালৈ দেখা নাই কোনো সেউজ সংকেত। ইয়াৰ আগতেও এইসকল যুৱকে মটঙা নৈৰ ওপৰত নিৰ্মান কৰি উলিয়াইছিল শৰাইঘাট সদৃশ বৃহৎ আকাৰৰ বাঁহৰ দলং। যি কামে দৃষ্টি নিৱদ্ধ কৰিবলৈ সক্ষম হৈছিল বহুতৰে৷ কিন্তু কোনো দুস্কৃতিকাৰীয়ে নিশাটোৰ ভিতৰতে জ্বলাই দিছিল সেই বাঁহৰ দলংখন। যাৰ বাবে অঞ্চলটোৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত বিশেষকৈ বাৰিষা যমৰ যাতনা ভোগ কৰি আহিছে৷ সেয়ে বহুবাৰ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহাৰ পিছতো কিন্তু ৰাইজৰ সুবিধাৰ বাবে কাম কৰি আহিছে এইকেইজন যুৱকে।

    কাউলীৰ স্থানীয় যুৱক ৰামু বৈশ্যৰ নেতৃত্বত এইদৰে এইবাৰ ৰোপৱে’ নিৰ্মাণৰ বাবে ওলাই আহিছে ৷ উল্লেখ্য যে স্বাধীনতাৰ তেসত্তৰ বছৰ পিছতো মটঙা নদীত এখন দলং নিৰ্মাণ নহ'ল৷ বিগত নিৰ্বাচনৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ ৰাইজক দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল ৷ অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী হয়নে নহয় সেয়া সময়তহে ক’ব পৰা যাব৷
    Published by:Sanjay Kumar Das
    First published: