ঠাণ্ডা অথবা গৰমত এতিয়া আৰু কষ্ট ভোগ কৰিব নালাগে চিৰিয়াখানাৰ জন্তুৱে

News18 Assam | News18-Assam
Updated:January 2, 2020, 12:12 PM IST
ঠাণ্ডা অথবা গৰমত এতিয়া আৰু কষ্ট ভোগ কৰিব নালাগে চিৰিয়াখানাৰ জন্তুৱে
ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ চিৰিয়াখানাৰ জন্তুৰ বাবে কৰা হৈছে ৰুম হিটাৰৰ ব্যৱস্থা। আনহাতে গৰমৰ বাবে প্ৰতিটো জন্তু থকা কোঠাত কৰা হৈছে ফেনৰ ব্যৱস্থা।

ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ চিৰিয়াখানাৰ জন্তুৰ বাবে কৰা হৈছে ৰুম হিটাৰৰ ব্যৱস্থা। আনহাতে গৰমৰ বাবে প্ৰতিটো জন্তু থকা কোঠাত কৰা হৈছে ফেনৰ ব্যৱস্থা।

  • Share this:
এতিয়াৰ পৰা চিৰিয়াখানাৰ জন্তুৱে ঠাণ্ডা অথবা গৰমত কষ্ট ভোগ কৰিব নালাগে। প্ৰথমবাৰৰ বাবে চিৰিয়াখানা কৰ্তৃপক্ষই গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ। ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ চিৰিয়াখানাৰ জন্তুৰ বাবে কৰা হৈছে ৰুম হিটাৰৰ ব্যৱস্থা। আনহাতে গৰমৰ বাবে প্ৰতিটো জন্তু থকা কোঠাত কৰা হৈছে ফেনৰ ব্যৱস্থা।

প্ৰচণ্ড শীতৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ঢেকীয়াপতীয়া বাঘ আৰু সিংহৰ বাবে দহটা হিটাৰৰ ব্যৱস্থা কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই। মণিপুৰৰ পৰা অনা চাঙহাই হৰিণৰ বাবে শীতৰ সময়ত নিশাৰ ভাগত শোৱাৰ বাবে খেৰৰ ব্যৱস্থা লগতে প্ৰাকৃতিক পৰিবেশ লগত খাপ খোৱাকৈ কৰা হৈছে বাঁহৰ চাঙৰ ব্যৱস্থা। একেদৰে চিৰিয়াখানাত নতুনকৈ অহা ৰঙিলী আৰু কুলনন্দন নামৰ দুটা জিৰাফৰ বাবেও শীতৰ পৰা ৰক্ষা কৰাৰ বাবে গঁৰালত ত্ৰিপাল, খেৰৰ গাদীৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই।

শীতৰ পৰা পৰিত্ৰাণ পাবৰ বাবে হাতীৰ বাবেও জুইৰ সুন্দৰ ব্যৱস্থা কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই। চিৰিয়াখানাৰ DFO তেজস্ব মৰিশ্ৰমৰ তত্বাৱধানত চিৰিয়াখানা কৰ্তৃপক্ষই প্ৰথমবাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি