• Home
  • »
  • News
  • »
  • assam
  • »
  • বায়ু প্ৰদূষণ ৰোধৰ চেষ্টা! ৮ হাজাৰ বৰ্গ ফুটৰ চাঁদত কৰিছে বিভিন্ন প্ৰজাতিৰ খেতি

বায়ু প্ৰদূষণ ৰোধৰ চেষ্টা! ৮ হাজাৰ বৰ্গ ফুটৰ চাঁদত কৰিছে বিভিন্ন প্ৰজাতিৰ খেতি

হোজাইৰ এজন লোকে নিজৰ চাঁদত আৰম্ভ কৰা খেতিয়ে দৃষ্টি আকৃষ্ট কৰিছে বহুতৰ।

হোজাইৰ এজন লোকে নিজৰ চাঁদত আৰম্ভ কৰা খেতিয়ে দৃষ্টি আকৃষ্ট কৰিছে বহুতৰ।

হোজাইৰ এজন লোকে নিজৰ চাঁদত আৰম্ভ কৰা খেতিয়ে দৃষ্টি আকৃষ্ট কৰিছে বহুতৰ।

  • Share this:
হোজাইৰ এজন লোকে নিজৰ চাঁদত আৰম্ভ কৰা খেতিয়ে দৃষ্টি আকৃষ্ট কৰিছে বহুতৰ। ধনীৰাম পথাৰ গাঁওৰ প্ৰদীপ দেৱনাথে নিজৰ ঘৰৰ দ্বিতীয় মহলাৰ ৮ হাজাৰ বৰ্গ ফুট চাঁদত আৰম্ভ কৰিছে বিভিন্ন প্রজাতিৰ খেতি। প্ৰদীপ দেৱনাথ নামৰ লোকজনে তিনি লাখ টকা ব্যয়ৰে আৰম্ভ কৰা চাঁদত আছে ২৪ বিধ প্ৰজাতিৰ ফুল গছ,৩০ বিধ প্ৰজাতিৰ পাচলি আৰু ২৭ বিধ প্ৰজাতিৰ ফল-মূল গছ।

লোকজনে কৰা খেতিত আছে ষ্ট্ৰবেৰী, ইলাচি, ছবেদা, ড্ৰেগণ, মৌচুমী, কমলা, পানী লাও, কুঁহিয়াৰ, নাৰিকল, বগৰী আৰু অন্যান্য বিভিন্ন প্ৰজাতিৰ ঔষধি গছ। চাঁদৰ ওপৰত কৰা খেতি আৰু বাগিচা খন চোৱা-চিতা আৰু পৰিষ্কাৰ পৰিচন্নতাকৈ ৰখাৰ বাবে স্থায়ীকৈ নিয়োগ কৰিছে এজন শ্ৰমিক।

লক্ষণীয় যে, ল’ক ডাউনৰ সময়ত আৰম্ভ কৰা এই খেতিয়ে ইতিমধ্যে ফল ধৰা আৰম্ভ কৰাত আকৰ্ষণীয়  হৈ পৰা দৃশ্য আৰু পদ্ধতিবোৰ চাবলৈ  নিতৌ সমাগম ঘটে বহু লোকৰ। ইপিনে চাঁদৰ ওপৰত কৰা খেতি বায়ু প্ৰদূষণ ৰোধ কৰাত সহায়ক হয় বুলিও মন্তব্য কৰিছে প্ৰদীপ দেৱনাথে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি