খনামুখত ৰাজপথত দপদপকৈ জ্বলি উঠিল ৰ’লাৰ

News18 Assam | News18-Assam
Updated:November 28, 2020, 12:42 PM IST
খনামুখত ৰাজপথত দপদপকৈ জ্বলি উঠিল ৰ’লাৰ
স্থানীয় ৰাইজে গাড়ীখনৰ জুই নুমুৱাবলৈ সক্ষম হয়৷

স্থানীয় ৰাইজে গাড়ীখনৰ জুই নুমুৱাবলৈ সক্ষম হয়৷

  • News18 Assam
  • Last Updated: November 28, 2020, 12:42 PM IST
  • Share this:
খনামুখৰ ৰাজপথত হঠাৎ দপদপকৈ জ্বলি উঠিল এখন ৰ’লাৰ৷ খনামুখ গড়কাপ্তানি পথত  কাম কৰি থকা সময়তে সংঘটিত উক্ত ঘটনা৷ খনামুখ-তেজপুৰ ইউনিভাৰ্ছিটী সংযোগী পথত কাম কৰি থকা অৱস্থাত হঠাৎ জ্বলি উঠে ৰ’লাৰখন৷ লগে লগে অঞ্চলটোত হুৱাদুৱা লগে৷ গাড়ীখনৰ চালকজন কথমপি ৰক্ষা পৰে যদিও ৰ’লাৰখন সম্পূৰ্ণভাৱে জ্বলি যায়৷

স্থানীয় ৰাইজে গাড়ীখনৰ জুই নুমুৱাবলৈ সক্ষম হয়৷  ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়৷ যান্ত্ৰিক বিজুতিৰ বাবেই গাড়ীখন জুই লগাৰ সন্দেহ কৰিছে ৰাইজে৷
Published by: Sanjay Kumar Das
First published: November 28, 2020, 12:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি