৮ মাহ পূৰ্বে অবৈধ উপায়ে বাংলাদেশৰ কক্সবাজাৰৰ পৰা ত্ৰিপুৰা সীমান্তইদি ভাৰতত প্ৰৱেশ কৰিছিল ১৪জন ৰহিংগ্যাৰ এটা দল।
৮ মাহ পূৰ্বে অবৈধ উপায়ে বাংলাদেশৰ কক্সবাজাৰৰ পৰা ত্ৰিপুৰা সীমান্তইদি ভাৰতত প্ৰৱেশ কৰিছিল ১৪জন ৰহিংগ্যাৰ এটা দল।
কৰিমগঞ্জ জিলা কাৰাগাৰৰ নতুন আলহী হ’ল এক সদ্যোজাত। কৰিমগঞ্জ কাৰাগাৰত বন্দী এগৰাকী ৰহিংগ্যা মাতৃয়ে জন্ম দিলে এজনী ছোৱালী। এতিয়া লাখটকীয়া প্ৰশ্ন, ৰহিংগ্যা মহিলাগৰাকীৰ সন্তানটি হ’ব নেকি ভাৰতীয়?
৮ মাহ পূৰ্বে অবৈধ উপায়ে বাংলাদেশৰ কক্সবাজাৰৰ পৰা ত্ৰিপুৰা সীমান্তইদি ভাৰতত প্ৰৱেশ কৰিছিল ১৪জন ৰহিংগ্যাৰ এটা দল। চুড়াইবাড়ী আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পিছত কৰিমগঞ্জ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।
কাৰাগাৰত বন্দী সন্তানসম্ভৱা মহিলাগৰাকীৰ শাৰীৰিক অৱস্থাৰ অৱনতি হোৱাত কৰিমগঞ্জ চৰকাৰী হাস্পতালত ভৰ্তি কৰো হয়। কৰিমগঞ্জ চৰকাৰী হাস্পতালতে এটি কন্যা সন্তানৰ জন্মদিয়ে মহিলাগৰাকীয়ে। মহিলাগৰাকীৰ স্বামী আৰু পূৰ্বৰ তিনি সন্তান বৰ্তমানে কৰিমগঞ্জ কাৰাগাৰত বন্দী হৈ আছে। নৱজাতক আৰু বন্দী মাতৃৰ আদালতে কি ব্যবস্থা লয় সেয়াই হ’ব লক্ষনীয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|