দলীয় অন্তঃকন্দল,ৰকিবুল হুছেইনক গঁড় হত্যাকাৰী আখ্যা কংগ্ৰেছ নেতা দুলু আহমেদৰ!

দুলু আহমেদলৈ কাৰণ দৰ্শোৱাৰ জাননী APCC ৰ

News18-Assam
Updated:July 28, 2019, 9:19 AM IST
দলীয় অন্তঃকন্দল,ৰকিবুল হুছেইনক গঁড় হত্যাকাৰী আখ্যা কংগ্ৰেছ নেতা দুলু আহমেদৰ!
দুলু আহমেদলৈ কাৰণ দৰ্শোৱাৰ জাননী APCC ৰ
News18-Assam
Updated: July 28, 2019, 9:19 AM IST
দলীয় অন্তঃকন্দলত জৰ্জৰিত অসম প্ৰদেশ কংগ্ৰেছ। প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনক গঁড় হত্যাকাৰী আখ্যা দিছে, নিজ দলৰে সতীৰ্থ দুলু আহমেদে। ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিজৰ ফেচবুক একাউণ্টত কৰিছিল এনেধৰণৰ মন্তব্য। লগতে কংগ্ৰেছ দলৰ নেতা দুলু আহমেদে ৰকিবুল হুছেইনক বিজেপিৰ এজেণ্ট বুলিও অভিযোগ কৰিছে।

এনেদৰে ৰাজহুৱাকৈ ৰকিবুল হুছেইনৰ বিৰুদ্ধে দলৰে এগৰাকী প্ৰাক্তন বিধায়কে বিৰূপ মন্তব্য কৰাৰ পিছত এতিয়া স্বাভাৱিকতে তোলপাৰ লাগিছে কংগ্ৰেছ দলৰ ভিতৰচৰাত! ৰকিবুল হুচেইনৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য কৰাৰ পিছত এতিয়া প্ৰদেশ কংগ্ৰেছে দুলু আহমেদলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।

এনেধৰণৰে দুলু আহমেদে ৰকিবুল হুচেইনৰ বিৰুদ্ধে মন্তব্য কৰাৰ পিছত শনিবাৰে নিশা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বাসগৃহত গোপন বৈঠকত মিলিত হ'ল একাংশ সংখ্যালঘু কংগ্ৰেছ নেতা। গোপন বৈঠকত উপস্থিত থাকে শুকুৰ আলি, নুৰুল হুদা, ৱাজেড আলী চৌধুৰী, আব্দুৰ ৰছিদ মণ্ডল, ছফিকুল ইছলাম, মতিউৰ ৰহমান, আব্দুল হাই নাগৰী। সংখ্যালঘু নেতাৰ লগতে একাংশ সংখ্যালঘু সংগঠনো উপস্থিত থাকে এই বৈঠকত। উপস্থিত আছিল আমছু, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আব্দুল আজিজ, সম্পাদক মহম্মদ আলি খলিফা, জমিয়ত উলেমা ই হিন্দৰ হাজি ফুৰকান আলী, ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছচাইটীৰ আব্দুল বাটিন খন্দকাৰ, জাষ্টিছ ফৰামৰ হৈ মতিউৰ ৰহমানকে ধৰি কেইবাটাও সংগঠনৰ নেতৃত্ব। সংবাদ মাধ্যমৰ আগত জনালে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰণ সম্পৰ্কে আলোচনাৰ কথা।

 
আৰু চাওক পৰৱৰ্তী বাতৰি