APCCৰ নতুন তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ কঠোৰ নিৰ্দেশনা পোৱাৰ পিছত থৰকাছুটি হেৰুৱালে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ৷ এই সন্দৰ্ভত মঙলবাৰে News18ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বুধবাৰে সুৰ সলনি কৰিলে ৰকিবুল হুছেইনে৷ দলীয় নীতি উলংঘাৰ অভিযোগ ৰকিবুলৰ বিৰুদ্ধে উত্থাপিত হৈছিল৷
এই সন্দৰ্ভত মঙলবাৰে News18ত সম্প্ৰচাৰিত হৈছিল এটা বাতৰি ৷ বাতৰিত ৰাহুল গান্ধীৰ বন্ধু তথা অসম প্ৰদেশ কংগ্ৰেছৰ নতুন তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে এক নিৰ্দেশনা জাৰি কৰা বুলি সম্প্ৰচাৰ হৈছিল ৷ দলীয় স্বাৰ্থৰ বিপৰীতে নিজৰ স্বাৰ্থ পূৰণৰ বাবে একাংশ জ্যেষ্ঠ নেতাই গোপনে কাম কৰা বুলি জীতেন্দ্ৰ সিঙে জাৰি কৰিছিল নিৰ্দেশনা ৷ লগতে ব্ল'ক কংগ্ৰেছ, জিলা কংগ্ৰেছ কমিটী আৰু ৰাজ্যিক কংগ্ৰেছ কমিটীৰ অনুমোদন অবিহনে কোনেও সভা-সমিতি আয়োজন কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনাক বিগত ২৫ অক্টোবৰত জাৰি কৰিছিল জীতেন্দ্ৰ সিঙে ৷
নতুন তত্ত্বাৱধায়ক সিঙৰ এই নিৰ্দেশনাৰ পিছতে থৰকাছুটি হেৰুৱাইছে ৰকিবুল হুছেইনৰ ৷ বুধবাৰে দিলে স্পষ্টীকৰণ ৷ ৰকিবুল হুছেইনে ক'লে- “এয়া সৰ্বভাৰতীয় পৰ্যায়ত দিয়া নিৰ্দেশনা ৷ এই নিৰ্দেশনা কেৱল অসমৰ বাবে দিয়া নিৰ্দেশনা নহয় ৷”
আত্মপক্ষৰ সমৰ্থনত জীতেন্দ্ৰ সিঙৰ ৰোক্ষত পৰা ৰকিবুলে ক'লে- “আজি পুৱা মই তত্ত্বাৱধায়কৰ সৈতে কথা পাতিছো ৷ সভা-সমিতি পতাত তেওঁ বেয়া পোৱা নাই ৷ ভালহে পাইছে বুলি মোক জনালে ৷”
ইপিনে বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লৈ মহাজোঁট বন্ধন আৰু আসন্ন বিধানসভাৰ নিৰ্বাচনকলৈ নিজা মতামত প্ৰকাশ কৰে ৷ ৰকিবুলে ক'লে- “কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটে লাভ কৰিব সৰ্বোচ্চ আসন ৷ মহাজোঁটত কোন কোন থাকিব সময়ত নিৰ্ধাৰণ হ'ব আৰু আসন ভাগ কৰিবলৈ আৰু ২/৩ মাহ লাগিব ৷ উজনিত কংগ্ৰেছৰ স্থিতি যথেষ্ট ভাল ৷ মহাজোঁটত চামিল হ'বলৈ নতুন আঞ্চলিক ৰাজনৈতিক দলক আমি আহ্বান জনাইছো ৷ আমি তেওঁলোকৰ বাবে শেষ মুহুৰ্তলৈ অপেক্ষা কৰিম ৷”
তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ ৰোষত পৰা ৰকিবুল হুছেইনে এতিয়া জীতেন্দ্ৰ সিঙক সন্তুষ্ট কৰিবলৈ আন এক কৌশল অৱলম্বন কৰিবলৈ আগবাঢ়িছে বুলি জানিব পৰা যায় ৷
Published by: Himangshu Bhuyan
FIRST PUBLISHED : October 28, 2020, 21:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|