‘১৯৭১ৰ ২৫ মাৰ্চক ভিত্তি বৰ্ষ মানি বিধানসভাত হিমন্তই দিছিল শপতনামা’

News18 Assam | News18-Assam
Updated:November 30, 2019, 2:53 PM IST
‘১৯৭১ৰ ২৫ মাৰ্চক ভিত্তি বৰ্ষ মানি বিধানসভাত হিমন্তই দিছিল শপতনামা’
তথ্য সহকাৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

তথ্য সহকাৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কক যিকোনো প্ৰকাৰে সমৰ্থন কৰিবলৈ গৈ অসম চুক্তিক আজিকালি প্ৰায়ে নস্যাৎ কৰে মন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাই। প্ৰাক্তন আছু নেতা তথা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও হিমন্তই অসম চুক্তি নস্যাৎ কৰা প্ৰসংগত নিদিয়ে কোনো ধৰণৰ মন্তব্য। শুকুৰবাৰে অসম বিধানসভাৰ প্ৰথমটো দিনত আকৌ এবাৰ হিমন্ত বিশ্ব শৰ্মাই উপলুঙা কৰিলে অসম চুক্তিক। কিন্তু এইবাৰ হিমন্তক তথ্য সহকাৰে উভতি ধৰিলে একালৰ সতীৰ্থ মন্ত্ৰী তথা কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনে।

অসম চুক্তিক নস্যাৎ কৰা হিমন্ত বিশ্ব শৰ্মাই শপতনামা দিছিল বিধানসভাত । ২০১০ৰ ১৭ মাৰ্চত সংকল্প প্ৰস্তাৱত স্বাক্ষৰ কৰিছিল হিমন্তই । ভৰত নৰহৰ সংকল্প প্ৰস্তাৱৰ সময়ত অসম চুক্তিৰ বিভাগীয় মন্ত্ৰী আছিল হিমন্ত। হিমন্তই তেতিয়া ১৯৭১ৰ ২৫ মাৰ্চক ভিত্তি বৰ্ষ মানি লৈছিল প্ৰস্তাৱত।



কিন্তু এতিয়া  হিমন্ত বিশ্ব শৰ্মাই সুৰ সলালেও সত্যক ঢাকি ৰাখিব নোৱাৰে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে কয় যে,  ‘অসংলগ্ন কথাৰে সকলোকে বিপথে পৰিচালিত কৰাৰ কৌশল হিমন্ত বিশ্বৰ। হিমন্তই কেতিয়া কি কয় নিজেই নাজানে। প্ৰফুল্ল মহন্তক উপলুঙা কৰাতো অযুক্তিকৰ। ক্ষমতাই মূৰত ধৰাত সকলো পাহৰিছে হিমন্ত বিশ্ব শৰ্মাই।
আৰু চাওক পৰৱৰ্তী বাতৰি