কাছাৰত গুলীচালনা কৰি ব্যৱসায়ীৰ ঘৰত লুটপাত, গুলীচালনাত আহত তিনিজন

কাটিগড়াৰ চেৰাগী বজাৰৰ ব্যৱসায়ী হবিবুৰ ৰহমানৰ ঘৰত নিশা ২০-২৫ জনীয়া ডকাইতৰ দলে আক্ৰমণ চলায়৷
কাটিগড়াৰ চেৰাগী বজাৰৰ ব্যৱসায়ী হবিবুৰ ৰহমানৰ ঘৰত নিশা ২০-২৫ জনীয়া ডকাইতৰ দলে আক্ৰমণ চলায়৷
- News18 Assam
- Last Updated: September 14, 2020, 10:22 AM IST
কাটিগড়াৰ চেৰাগী বজাৰৰ ব্যৱসায়ী হবিবুৰ ৰহমানৰ ঘৰত নিশা ২০-২৫ জনীয়া ডকাইতৰ দলে আক্ৰমণ চলায়৷ পৰিয়ালৰ সদস্যসকলে বাধা দিয়াত ডকাইতৰ দলে প্ৰথম অৱস্থাত চোকা অস্ত্ৰৰে আক্ৰমণ চলোৱাৰ লগতে পিছত গুলীচালনা কৰে।
ডকাইতৰ দলৰ গুলীত পৰিয়ালটোৰ তিনিজন সদস্য আহত হৈছে৷ ডকাইতৰ দলে ঘৰখনৰ ৭টাকৈ কোঠাত অভিযান চলাই লুটি লৈ যায় কেইবালাখ টকাসহ সোণৰ আ-অলংকাৰ৷ উল্লেখযোগ্য যে কাছাৰত শেহতীয়াভাৱে বৃদ্ধি পাইছে চুৰি–ডকাইতিৰ ঘটনা।