মুখ্যপৃষ্ঠা » খবৰ

» অসম

»গহপুৰত ভয়ংকৰ ডকাইতি কাণ্ড, দাৰে আক্ৰমণ কৰি পিষ্টল দেখুৱাই লুটি নিলে নগদ ধন, অলংকাৰ

গহপুৰত ভয়ংকৰ ডকাইতি কাণ্ড, দাৰে আক্ৰমণ কৰি পিষ্টল দেখুৱাই লুটি নিলে নগদ ধন, অলংকাৰ

News18 Assam | News18-Assam
Updated:December 16, 2020, 3:14 PM IST
গহপুৰত ভয়ংকৰ ডকাইতি কাণ্ড, দাৰে আক্ৰমণ কৰি পিষ্টল দেখুৱাই লুটি নিলে নগদ ধন, অলংকাৰ
হিমেশ্বৰ ভড়ালীৰ বাসগৃহৰ গডৰেজত  থকা প্ৰায় তিনিলাখ টকাৰ আ-আলংকাৰ সহ ২ লাখ ৫০ হাজাৰ নগদ ধন লুট কৰি নিয়ে ডকাইতৰ দলটোৱে।

হিমেশ্বৰ ভড়ালীৰ বাসগৃহৰ গডৰেজত  থকা প্ৰায় তিনিলাখ টকাৰ আ-আলংকাৰ সহ ২ লাখ ৫০ হাজাৰ নগদ ধন লুট কৰি নিয়ে ডকাইতৰ দলটোৱে।

  • Share this:
গহপুৰৰ ১নং ককিলাত নিশা এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয়। ১নং ককিলাৰ হিমেশ্বৰ ভড়ালী নামৰ লোকজনৰ বাসগৃহৰ লোৰ গেটৰ তলা ভাঙি নিশা ১২ মান বজাত ৮–১০জনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰে। মুখত কাপোৰ বান্ধি অহা ডকাইতৰ দলটোৱে প্ৰথম অৱস্থাত হিমেশ্বৰ ভড়ালীক দাৰে আঘাত কৰি পত্নী আৰু তেওঁক পিষ্টল দেখুৱাই লুটপাত আৰম্ভ কৰে।

উক্ত ডকাইটি কাণ্ডত হিমেশ্বৰ ভড়ালীৰ বাসগৃহৰ গডৰেজত  থকা প্ৰায় তিনিলাখ টকাৰ আ-আলংকাৰ সহ ২ লাখ ৫০ হাজাৰ নগদ ধন লুট কৰি নিয়ে ডকাইতৰ দলটোৱে। উল্লেখযোগ্য যে ডুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক হিমেশ্বৰ ভড়ালী আৰু উক্ত বিদ্যালয়তে শিক্ষকতা কৰা মীৰা বৰা ভড়ালীয়ে বেংকৰ পৰা ধন আনি ঘৰত থোৱাৰ সম্ভেদ লাভ কৰিয়েই উক্ত ডকাইতি কাণ্ড সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে।

ডকাইতি কাণ্ডৰ সন্দৰ্ভত নিশাই হিমেশ্বৰ ভড়ালীয়ে আৰক্ষীক জনোৱাৰ পাছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰিছিল যদিও ডকাইতি কাণ্ডৰ লগত জড়িত কোনো দুৰ্বৃত্তৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।
Published by: Sanjay Kumar Das
First published: December 16, 2020, 3:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি