• Home
  • »
  • News
  • »
  • assam
  • »
  • ডবকাত চাঞ্চল্যকৰ ডকাইতি কাণ্ড, ৰাষ্ট্ৰীয় ঘাইপথত গছ পেলাই কেইবাখনো বাহনত লুটপাত ডকাইতৰ

ডবকাত চাঞ্চল্যকৰ ডকাইতি কাণ্ড, ৰাষ্ট্ৰীয় ঘাইপথত গছ পেলাই কেইবাখনো বাহনত লুটপাত ডকাইতৰ

নিশা অনুমানিক ২:৩০ মান বজাত এই ডকাইতি কাণ্ড সংঘটিত হোৱা বুলি প্ৰত্যেক্ষদৰ্শীয়ে জানিবলৈ দিয়ে৷

নিশা অনুমানিক ২:৩০ মান বজাত এই ডকাইতি কাণ্ড সংঘটিত হোৱা বুলি প্ৰত্যেক্ষদৰ্শীয়ে জানিবলৈ দিয়ে৷

নিশা অনুমানিক ২:৩০ মান বজাত এই ডকাইতি কাণ্ড সংঘটিত হোৱা বুলি প্ৰত্যেক্ষদৰ্শীয়ে জানিবলৈ দিয়ে৷

  • Share this:
পূজাৰ আনন্দৰ মাজতে যোৱানিশা ডবকাত সংঘটিত হৈছে এক চাঞ্চ্যল্যকৰ ডকাইতি কাণ্ড৷ ডবকাৰ শালবাগানত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এজোপা প্ৰকাণ্ড শাল গছ কাটি বগৰাই এটা ১০-১৫ জনীয়া অস্ত্ৰ–শস্ত্ৰৰে সজ্জিত ডকাইতৰ দলে ডকাইতি কাণ্ড সংঘঠিত কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নিশা অনুমানিক ২:৩০ মান বজাত এই ডকাইতি কাণ্ড সংঘটিত হোৱা বুলি প্ৰত্যেক্ষদৰ্শীয়ে জানিবলৈ দিয়ে৷

ডকাইতৰ দলটোৱে প্ৰায় ১৫খন মান সৰু ডাঙৰ বাহনত লুটপাত চলায়৷ ডকাইতৰ দলটোৰ প্ৰহাৰত এজন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে কেইবাজনো সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত লোকজনক ডবকা ৩০খন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰোৱা হয়৷ আহত লোকজনৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই৷

ডকাইটৰ দলটোৱে নগদ ধন, মেবাইল ফোন আৰু সোণৰ আ-অলংকাৰ লুট কৰি পুনৰ হাবিৰ মাজেৰে আঁতৰি যায়৷ ইফালে খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলীত ডবকা আৰক্ষীৰ লগতে হোজাই জিলা আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ পিছত ডবকা বন বিভাগৰ সহযোগত পথৰ মাজৰ পৰা গছজোপা আৰক্ষীয়ে আঁতৰাই পথটো মুকলি কৰি দিয়ে৷ ডকাইতৰ দলটোক কৰায়ত্ত কৰিবলৈ নিশাই আৰক্ষীয়ে অভিযান চলায় যদিও বৰ্তমানলৈকে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই  যদিও এজন লোকক সোধা–পোছাৰ বাবে আটক কৰিছে।
Published by:Sanjay Kumar Das
First published: