• Home
  • »
  • News
  • »
  • assam
  • »
  • বকোত চাঞ্চল্যকৰ ডকাইতি কাণ্ড, ডকাইতৰ গুলীত আহত আৰক্ষী, গণপ্ৰহাৰত মৃত্যু এটা ডকাইতৰ!

বকোত চাঞ্চল্যকৰ ডকাইতি কাণ্ড, ডকাইতৰ গুলীত আহত আৰক্ষী, গণপ্ৰহাৰত মৃত্যু এটা ডকাইতৰ!

ডকাইতৰ আক্ৰমণত আঘাতপ্রাপ্ত হয় ৰবি দেবকোটা, গণেশ থাপা নামৰ দুজন ব্যৱসায়ী৷ সামান্য পৰিমাণে আঘাতপ্রাপ্ত সুৰজ নেৱাৰো নামৰ আন এজন লোকো৷

ডকাইতৰ আক্ৰমণত আঘাতপ্রাপ্ত হয় ৰবি দেবকোটা, গণেশ থাপা নামৰ দুজন ব্যৱসায়ী৷ সামান্য পৰিমাণে আঘাতপ্রাপ্ত সুৰজ নেৱাৰো নামৰ আন এজন লোকো৷

ডকাইতৰ আক্ৰমণত আঘাতপ্রাপ্ত হয় ৰবি দেবকোটা, গণেশ থাপা নামৰ দুজন ব্যৱসায়ী৷ সামান্য পৰিমাণে আঘাতপ্রাপ্ত সুৰজ নেৱাৰো নামৰ আন এজন লোকো৷

  • Share this:
দক্ষিণ কামৰূপৰ বকোৰ ৰাজাপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ ডকাইত ধৰিবলৈ গৈ গুলীবিদ্ধ অসম আৰক্ষীৰ কামাণ্ডো৷ চাৰিজনীয় ডকাইতৰ দলে পিষ্টল দেখুৱাই দোকানৰ পৰা লুটি নিছিল নগদ ধন৷ ডকাইতৰ চোকা অস্ত্ৰৰ আক্ৰমণত দুজনকৈ লোক আহত হয়৷ ডকাইতি কাণ্ড সংঘটিত কৰি ৰাইজক আতংকিত কৰিবলৈ ডকাইতৰ দলে শূন্যলৈ তিনিজাঁই গুলীচালনা কৰে৷ এখন স্কুটী আৰু পালছাৰ বাইকত চাৰিজনীয় ডকাইতৰ দলটো ডকাইতি কৰিবলৈ অহাৰ সন্দেহ স্থানীয় ৰাইজে৷ ডকাইতৰ দলে ব্যৱহাৰ কৰা পালছাৰ বাইকখনৰ পঞ্জীয়ন নম্বৰ AS-15M-4932।

ডকাইতৰ আক্ৰমণত আঘাতপ্রাপ্ত হয় ৰবি দেবকোটা, গণেশ থাপা নামৰ দুজন ব্যৱসায়ী৷ সামান্য পৰিমাণে আঘাতপ্রাপ্ত সুৰজ নেৱাৰো নামৰ আন এজন লোকো৷ আঘাতপ্রাপ্ত দুজনক বকো প্রাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ মূৰত গুৰুতৰভাৱে আঘাত পাইছে গণেশ থাপাই৷

ডকাইতৰ গুলীত আহত হয় আৰক্ষীৰ এজন কামাণ্ডো জোৱান৷ ডকাইতৰ দলটোক ধৰিবলৈ গৈ আঘাত প্ৰাপ্ত হয় বকো থানাৰ SI অপুৰ্ব কলিতা৷ স্থানীয় ৰাইজৰ সহযোগত বকো আৰক্ষীয়ে কৰায়ত্ব কৰে দুটা কুখ্যাত ডকাইতক৷ কৰায়ত্ব হোৱা ডকাইত দুজনৰ এজন চিৰাঙৰ ৰমেন বৰগয়াৰী আৰু আনজন কোকৰাঝাৰৰ সঞ্জয় বসুমতাৰী বুলি জানিব পৰা গৈছে৷

ইফালে, ক্ষুব্ধ ৰাইজে উত্তম–মাধ্যম সোধাই আৰক্ষীক গতাই দিয়া ডকাইত দুটাক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় সঞ্জয় বসুমতাৰীৰ৷ সমগ্ৰ ঘটনাৰ বুজ ল’বলৈ ঘটনস্থলীত উপস্থিত হয় DSP কল্যাণ কুমাৰ পাঠক৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি