হাজোৰ বুল্লুটত ১০–১৫জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ চলালে ফাৰ্মাচীত, লুটি নিলে ডেৰ লক্ষাধিক টকা

এই আক্ৰমণৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ঔষধৰ বিপণীখনৰ দুই কৰ্মচাৰী।
এই আক্ৰমণৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ঔষধৰ বিপণীখনৰ দুই কৰ্মচাৰী।
- News18 Assam
- Last Updated: October 6, 2020, 10:28 AM IST
এই আক্ৰমণৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ঔষধৰ বিপণীখনৰ দুই কৰ্মচাৰী। এই ঘটনা সংঘটিত হোৱাৰ পিছতেই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় এক হাহাকাৰময় পৰিৱেশ। এই ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে।
পূৰ্বেও বহু ডকাইতি, এটিএম চুৰি, ধন দাবীৰ দৰে বহু অসামাজিক কাৰ্যকলাপ সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে এই দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে। ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান।