মোৰাঝাৰত ভয়ংকৰ ডকাইতি, ব্যৱসায়ীলৈ লক্ষ্য কৰি কেইবাজাঁই গুলীচালনা কৰি ধন লুট, ৰাইজে খেদি খেদি ধৰিলে ২ ডকাইতক

গাড়ী কেইখনৰ পৰা অনুমানিক বিশ লক্ষাধিক টকা লুট কৰা বুলি স্থানীয় লোকে সন্দেহ কৰিছে৷
গাড়ী কেইখনৰ পৰা অনুমানিক বিশ লক্ষাধিক টকা লুট কৰা বুলি স্থানীয় লোকে সন্দেহ কৰিছে৷
- News18 Assam
- Last Updated: November 15, 2020, 2:49 PM IST
হোজাইৰ কপাহবাৰীৰ পদুমপুখুৰী এলেকাত আজি পুৱাৰ ভাগত সংগঠিত হয় এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ আঠজনীয়া ডকাইতৰ এটা দলে পদুমপুখুৰী গাঁৱত ডকাইতি কাণ্ড সংঘটিত কৰাৰ উদ্দেশ্যৰে গড়কাপ্তানী পথত খাপ পিটি আছিল৷ সেই সময়তে উজনি অসমৰ পৰা সাঁচি কাঠ ক্ৰয় কৰাৰ উদ্দেশ্যৰে একাংশ লোকে AS 02BC 5282 নম্বৰৰ দুখন যাত্ৰীবাহী উইংগাৰ আৰু ট্ৰেভেলাৰ গাড়ীত গৈ আছিল৷ পদুমপুখুৰীৰ গাঁৱৰ উক্ত স্থানত ডকাইতৰ দলটোৱে প্ৰথমে গাড়ী কেইখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰু পিছত গাড়ী কেইখনত লুটপাত চলায়৷
গাড়ী কেইখনৰ পৰা অনুমানিক বিশ লক্ষাধিক টকা লুট কৰা বুলি স্থানীয় লোকে সন্দেহ কৰিছে৷ ইফালে, উক্ত ঘটনা সংঘটিত হৈ থকাৰ সময়তে একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰি হুলস্থুল কৰে৷ পিছত চাৰিওফালৰ পৰা স্থানীয় লোক ওলায় আহে আৰু খেদি খেদি দুটা ডকাইতক কৰায়ত্ত কৰে। বাকী ছটা ডকাইত পলাই যাবলৈ সক্ষম হয়৷ ৰাইজে ধৃত ডকাইত কেইটাক উত্তম–মধ্যম শোধাই মোৰাঝাৰ আৰক্ষীক গতাই দিয়ে৷