• Home
  • »
  • News
  • »
  • assam
  • »
  • জালুকবাৰীত আৰক্ষীৰ বেৰিকেড ভাঙি পলাল ডকাইতৰ দল, কিছুদূৰ গৈ খুন্দিয়ালে ডিভাইডাৰত, তাৰ পিছত...

জালুকবাৰীত আৰক্ষীৰ বেৰিকেড ভাঙি পলাল ডকাইতৰ দল, কিছুদূৰ গৈ খুন্দিয়ালে ডিভাইডাৰত, তাৰ পিছত...

পিছত জালুকবাৰী আৰক্ষীৰ এটা দলে খেদি যায় ডকাইতৰ দলটোক। তীব্ৰবেগী বাহনখনে অৱশেষত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰে।

  • Share this:
নিশা জালুকবাৰীত আৰক্ষী আৰু এটা ডকাইতৰ দলৰ মাজত সংঘৰ্ষ। হাজো দিশৰ পৰা এটি ডকাইতৰ দলে মহানগৰীত ডকাইতিৰ পৰিকল্পনা কৰাৰ খবৰ লাভ কৰি জালুকবাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে শৰাইঘাট দলঙৰ ওচৰত তালাচী অভিযান চলায়। অমিনগাঁৱৰ দিশৰ পৰা এটা ডকাইতৰ দল গুৱাহাটীত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰি জালুকবাৰী আৰক্ষীয়ে শৰাইঘাট  দলঙত তালাচী চলাই থকাৰ সময়তে সন্দেহজনকভাৱে AS 23L 3736 নম্বৰৰ বাহনখন ৰখাবলৈ চেষ্টা কৰে। কিন্তু বাহনখনে আৰক্ষীৰ বেৰিকেড ভাঙি তীব্ৰবেগেৰে পলায়ন কৰে।

পিছত জালুকবাৰী আৰক্ষীৰ এটা দলে খেদি যায় ডকাইতৰ দলটোক। তীব্ৰবেগী বাহনখনে অৱশেষত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰে। দুৰ্ঘটনাগ্ৰস্ত বাহনখন এৰি পলায়ন কৰে ৩ জনীয়া ডকাইতৰ দলটোৱে। আৰক্ষীয়ে ডকাইতৰ দলটোক খেদি যায় যদিও দলটোৱে সদিলাপূৰৰ দিশে পলায়ন কৰে।

আৰক্ষীয়ে ডকাইতৰ দলৰ অভিযান অব্যাহত ৰাখিছে। ইফালে  দুৰ্ঘটনাগ্ৰস্ত বাহনখনত চুৰিকাণ্ড সংঘটিত কৰা বহু সামগ্ৰী লাভ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।
Published by:Sanjay Kumar Das
First published: