মুখ্যপৃষ্ঠা » খবৰ

» অসম

»নগাঁও আৰক্ষীৰ অভিযানত 9MM পিষ্টলসহ গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ডকাইত কুদ্দুছ আলী

নগাঁও আৰক্ষীৰ অভিযানত 9MM পিষ্টলসহ গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ডকাইত কুদ্দুছ আলী

News18 Assam | News18-Assam
Updated:June 13, 2021, 5:14 PM IST
নগাঁও আৰক্ষীৰ অভিযানত 9MM পিষ্টলসহ গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ডকাইত কুদ্দুছ আলী
বিগত বৰ্ষতো আৰক্ষীয়ে কুদ্দুছক গ্ৰেপ্তাৰ কৰিছিল যদিও জামিনত মুকলি হৈ পুনৰ অপৰাধজনিত কাৰ্যকলাপত জড়িত হৈ পৰিছিল।

বিগত বৰ্ষতো আৰক্ষীয়ে কুদ্দুছক গ্ৰেপ্তাৰ কৰিছিল যদিও জামিনত মুকলি হৈ পুনৰ অপৰাধজনিত কাৰ্যকলাপত জড়িত হৈ পৰিছিল।

  • Share this:
নগাঁও আৰক্ষীয়ে আজি চহৰখনৰ নিকটৱৰ্তী চিলঙনী আমতলাত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে দুৰ্ধৰ্ষ ডকাইত কুদ্দুছ আলীক। নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ–আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে এখন বাহনত তালাচী চলাই পিষ্টলসহ গ্ৰেপ্তাৰ কৰিছে কুদ্দুছক।

জানিব পৰা মতে, বিগত বৰ্ষতো আৰক্ষীয়ে কুদ্দুছক গ্ৰেপ্তাৰ কৰিছিল যদিও জামিনত মুকলি হৈ পুনৰ অপৰাধজনিত কাৰ্যকলাপত জড়িত হৈ পৰিছিল। কুদ্দুছৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বিদেশত নিৰ্মিত অত্যাধুনিক 9MM পিষ্টল।

উল্লেখযোগ্য যে, নগাঁৱৰ চিলঙনী, নাৰমাৰী, আমতলা, হেৰাপট্টি আদি অঞ্চলসমূহ ডকাইটৰ ঘাটিলৈ পৰিণত হৈছে। বিগত মাহটোত এই অঞ্চলসমূহৰ পৰা কেইবাটাও দুধৰ্ষ ডকাইট আৰু ড্ৰাগছ মাফিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ হৈছে বহু অত্যাধুনিক অস্ত্ৰ। আনহাতে, নগাঁৱত সূলভ হৈ পৰিছে অত্যাধুনিক 9MM পিষ্টল। পৰিপ্ৰেক্ষিতত আতংকিত হৈ পৰিছে নগাঁৱৰ সাধাৰণ জনতা।
Published by: Sanjay Kumar Das
First published: June 13, 2021, 5:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি