உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নগাঁৱত Pulsar বাইক ক্ৰয় কৰিবলৈ বায়েক–ভিনিয়েকৰ সৈতে আহিছিল যুৱক, হঠাতে গ্ৰেপ্তাৰ আৰক্ষীৰ

    নগাঁৱত Pulsar বাইক ক্ৰয় কৰিবলৈ বায়েক–ভিনিয়েকৰ সৈতে আহিছিল যুৱক, হঠাতে গ্ৰেপ্তাৰ আৰক্ষীৰ

    নগাঁও আৰক্ষীৰ কাণ্ডত হতভম্ব বাজাজ শ্ব'ৰুমটোৰ কৰ্মচাৰীয়ে পিছত বুজি পালে আঁৰৰ ৰহস্য।

    নগাঁও আৰক্ষীৰ কাণ্ডত হতভম্ব বাজাজ শ্ব'ৰুমটোৰ কৰ্মচাৰীয়ে পিছত বুজি পালে আঁৰৰ ৰহস্য।

    নগাঁও আৰক্ষীৰ কাণ্ডত হতভম্ব বাজাজ শ্ব'ৰুমটোৰ কৰ্মচাৰীয়ে পিছত বুজি পালে আঁৰৰ ৰহস্য।

    • Share this:

    নগাঁও চহৰৰ খুটিকটীয়াস্থিত বাজাজ শ্ব' ৰুমত আজি বায়েক–ভিনিয়েকৰ সৈতে আহিছিল যুৱক। উদ্দেশ্য এখন পালছাৰ বাইক কিনিব। কিন্তু  দিনৰ ২ বজাত অসামৰিক পোছাকত যোৱা আৰক্ষীৰ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে যুৱকজনক। পিছত জানিব পৰা যায় তেওঁ আছাদুল ইছলাম নামৰ এজন ডকাইত। আছাদুলে বুধবাৰে দিন দুপৰতে চামগুৰিৰ লাওখোৱাত সজল দাস নামৰ এগৰাকী ব্যক্তিৰ পৰা ৫ লক্ষাধিক টকা ডকাইতি কৰিছিল।


    জানিব পৰা মতে, চামগুৰিৰ ডকাইত আছাদুলে বুধবাৰে ৫সতীৰ্থৰ সৈতে ডকাইতি কাণ্ড সংঘটিত কৰাৰ পিছত আজি নগাঁৱৰ বাজাজ শ্ব'ৰুমত বায়েক আৰু ভিনিয়েকৰ সৈতে বাইক ক্ৰয় কৰিবলৈ আহিছিল। কিন্তু নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰা আৰু নগাঁও টাউন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কুণ্ডন ৰবি দাসৰ নেতৃত্বত অসামৰিক পোছাকত যোৱা আৰক্ষীৰ এটা দলে আছাদুলক গ্ৰেপ্তাৰ কৰে।


    আছাদুলৰ পৰা আৰক্ষীয়ে নগদ ৩৮ হাজাৰ ৫০০ টকা জব্দ কৰিছে। নগাঁও আৰক্ষীয়ে আছাদুলৰ ভিনিহিয়েক আৰু বায়েককো সোধা–পোছাৰ বাবে আটক কৰিছে। বৰ্তমান আৰক্ষীয়ে ডকাইতি কাণ্ডত জড়িত আন ৫ ডকাইতৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

    Published by:Gautam Barman
    First published: