দুমহলীয়া বিল্ডিঙৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা, ৰঙিয়া আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা দুৰ্ধৰ্ষ ডকাইত জালত

আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলোৱাৰ সময়তে আৰক্ষী অহাৰ উমান পাই ৰকিব আলী ওৰফে টিক্লাই দুই মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা চলায়।
আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলোৱাৰ সময়তে আৰক্ষী অহাৰ উমান পাই ৰকিব আলী ওৰফে টিক্লাই দুই মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা চলায়।
- News18 Assam
- Last Updated: January 22, 2021, 8:38 AM IST
আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলোৱাৰ সময়তে আৰক্ষী অহাৰ উমান পাই ৰকিব আলী ওৰফে টিক্লাই দুই মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা চলায়। যাৰ ফলত গুৰুতৰভাৱে আহত হয় টিক্লা। টিক্লাক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে।
ইফালে, আন এক অভিযানত টিক্লাৰ সহযোগী ডকাইত আৰিফুল ইছলাম ওৰফে জহাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কামৰূপ, বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত ডকাইতি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল দুৰ্ধৰ্ষ ডকাইতে। টিক্লাক কৰায়ত্ব কৰাত স্বস্তিৰ নিশ্বাস পেলাইছে ৰঙিয়াৰ ৰাইজে।