ম’ষ্ট ৱাণ্টেড ডকাইত ছায়েদ আলীক গ্ৰেপ্তাৰ কৰিলে লখিমপুৰ আৰক্ষীয়ে

News18 Assam | News18-Assam
Updated:December 17, 2020, 8:13 PM IST
ম’ষ্ট ৱাণ্টেড ডকাইত ছায়েদ আলীক গ্ৰেপ্তাৰ কৰিলে লখিমপুৰ আৰক্ষীয়ে
কিছুদিন পূৰ্বে গহপুৰত ডকাইতি কাণ্ড সংঘটিত কৰি আত্মগোপন কৰিছিল ছায়েদ আলীয়ে।

কিছুদিন পূৰ্বে গহপুৰত ডকাইতি কাণ্ড সংঘটিত কৰি আত্মগোপন কৰিছিল ছায়েদ আলীয়ে।

  • Share this:
ম’ষ্ট ৱাণ্টেড ডকাইত ছায়েদ আলীক গ্ৰেপ্তাৰ কৰিলে লখিমপুৰ আৰক্ষীয়ে। লখিমপুৰৰ বান্দৰদেৱাৰ ৰাজপথত খেদি খেদি বিহপুৰীয়াৰ আৰকীয়ে ধৰিলে ডকাইত ছায়েদক। বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিৰণ্য পাটৰৰ নেতৃত্বত চলা  অভিযানত জালত পৰিল ম’ষ্ট ৱাণ্টেড  ডকাইত ছায়েদ আলী।

কিছুদিন পূৰ্বে গহপুৰত ডকাইতি কাণ্ড সংঘটিত কৰি আত্মগোপন কৰিছিল ছায়েদ আলীয়ে। গহপুৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত পলাতক ছায়েদ আলীক আজি অসম–অৰুণাচল সীমান্তৰ বান্দৰদেৱাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিহপুৰীয়া আৰক্ষী।

উল্লেখযোগ্য যে কিছুমাহ পুৰ্বে লখিমপুৰৰ চিনাতলীয়াত সংঘটিত হোৱা ডকাইতি কাণ্ডত গ্ৰেপ্তাৰ হৈ জে’লৰ পৰা ওলাই আহিছিল ছায়েদ। জে’লৰ পৰা ওলায়েই পুনৰ গহপুৰত সংঘটিত কৰিছিল ডকাইতিৰ কাণ্ড।
Published by: Sanjay Kumar Das
First published: December 17, 2020, 7:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি