মুখ্যপৃষ্ঠা »খবৰ »অসম »Robber Arrested : অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত দীৰ্ঘদিন ধৰি ডকাইতি, সৰুপথাৰত পিষ্টলসহ আটক এজন

Robber Arrested : অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত দীৰ্ঘদিন ধৰি ডকাইতি, সৰুপথাৰত পিষ্টলসহ আটক এজন

যুৱকজন ২০২১ চনৰ ১৩ আগষ্টত সৰুপথাৰ ইকৰানীৰ শ্যাম পেট্ৰ'ল পাম্পত হোৱা ডকাইতি ঘটনাৰ লগত জড়িত আছিল

যুৱকজন ২০২১ চনৰ ১৩ আগষ্টত সৰুপথাৰ ইকৰানীৰ শ্যাম পেট্ৰ'ল পাম্পত হোৱা ডকাইতি ঘটনাৰ লগত জড়িত আছিল

  • Share this:
ধনশিৰি মহকুমাৰ সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চুকীয়াপথাৰ গাঁৱৰ পৰা পিষ্টলসহ এজন ডকাইতক আটক কৰা হয়। দেওবাৰে সন্ধিয়া  ১৬৬নং Territorial Army আৰু ১২নং আসাম ৰাইফলছৰ লগতে গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ অঞ্জন পণ্ডিতৰ যুটীয়া অভিযানত আটক কৰা হয় ডকাইতটোক।

আটকাধীন যুৱকজন ২০২১ চনৰ ১৩ আগষ্টত সৰুপথাৰ ইকৰানীৰ শ্যাম পেট্ৰ'ল পাম্পত হোৱা ডকাইতি ঘটনাৰ লগত জড়িত আছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। আটক কৰা যুৱকজন উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত জয়াপথাৰৰ নৱকান্ত বড়ো বুলি জানিব পৰা গৈছে ।

তেওঁৰ পৰা এটা 9mm পিষ্টলসহ ২ জাঁই গুলী  আৰু ম'বাইল ফোন জব্দ কৰে আৰক্ষীয়ে  ।  উল্লেখ্য যে অসম-নাগালেণ্ড সীমান্তবৰ্তী অঞ্চলসমূহত দীৰ্ঘদিন ধৰি সংঘটিত হৈ থকা বহুকেইটা ডকাইতি ঘটনাৰ লগত নৱকান্ত বড়ো পোনপটীয়াকৈ জড়িত বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

ডকাইত নৱকান্ত বড়ো অস্ত্ৰ সৰবৰাহৰ লগতো জড়িত আছিল। বিভিন্ন ঠাইৰ অপৰাধীক নৱকান্তই অস্ত্ৰ যোগান ধৰিছিল। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

শেহতীয়া বাতৰি