• Home
  • »
  • News
  • »
  • assam
  • »
  • Damage Road to Manas : বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ দুৰৱস্থা, পথৰ গাঁতত আবদ্ধ গাড়ী-মটৰ।

Damage Road to Manas : বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ দুৰৱস্থা, পথৰ গাঁতত আবদ্ধ গাড়ী-মটৰ।

  • Share this:
বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাস ৰাষ্ট্ৰীয় উদ্যান (Manas National Park) সংযোগী পথৰ দুৰাৱস্থাই জীয়াতু ভোগাইছে ৰাইজক ৷ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোৱৰ্দ্ধনা উন্নয়ন খণ্ডৰ অধীনস্থ পুৱ ছাফাকামাৰ আৰু বংশীবাৰীত মানস সংযোগী পথটোত সৃষ্টি হোৱাৰ দ গাঁতৰ বাবে পথটোৰ মাজত প্ৰতিদিনে আবদ্ধ হৈ পৰিছে গাড়ী-মটৰ ৷

বৰপেটাৰোডৰ পৰা বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা একমাত্ৰ পছছোৱা এতিয়া যাতায়াতৰ ক্ষেত্ৰত দূৰ্গম হৈ পৰিছে ৷ পথটোৰ মাজত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাত প্ৰতিদিনেই পথৰ মাজত থকা বোকাত আবদ্ধ হৈ পৰে গাড়ী-মটৰ ৷ ফলত পথটো অতিক্ৰম কৰিবলৈ ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিব লগীয়া হয় সকলো ধৰণৰ গাড়ী-মটৰকে ধৰি সাধাৰণ পথাচাৰীও ৷

উল্লেখ্য যে প্ৰায় এবছৰ ধৰি মেৰামতি হৈ থকা পথছোৱা আজিও সম্পূৰ্ণ হৈ নুঠিল ৷ এটা বছৰ পূৰ্বে বেঁকী নৈৰ খহনীয়াৰ কবলত পৰিছিল মানাহ সংযোগী এই পথছোৱা । তাৰ পিছতে তেতিয়াৰ মন্ত্ৰী তথা আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ নিৰ্দেশনা দিছিল পথছোৱা মেৰামতি কৰিবৰ বাবে ৷ কথামতে মেৰামতিৰ কাম SOPD(G) আঁচনিৰ ২০১৯-২০ বিত্তীয় বৰ্ষৰ পুঁজিৰে বৰপেটাৰোড-বাঁহবাৰী পথৰ পৰা গোৱৰ্দ্ধনা সংযোগী মানস উপপথৰ উন্নতিৰ শুভাৰম্ভ কৰিছিল তেতিয়াৰ বিধায়ক ৰঞ্জিত দাসে ৷ পিছে কাম আধৰুৱা হৈ থকাৰ বাবে আজি পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাই যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা দি আহিছে ৷

পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানলৈ অহা বহু পৰ্যটকৰ বাহন উভতি যাবলগীয়া হৈছে ৷ কিয়নো পথটোৰ গাঁতত যিকোনো এখন বাহন আৱদ্ধ হৈ পৰিলে পথটোৰে যাতায়ত ব্যাহত হৈ পৰে ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা ভূটান সংযোগী এই পথটোৰ উন্নয়নৰ ক্ষেত্ৰত জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰো নাই কোনো গুৰুত্ব ৷  আছুৰ প্ৰতিনিধিয়ে শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়তৰ সুচল কৰি তুলিবলৈ দাবী জনাইছে ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি