উগ্ৰপন্থীৰ হাতত যিমান লোক নিহত হয়, তাতোকৈ অধিক লোকৰ প্ৰতিবছৰে পথ দুৰ্ঘটনাত মৃত্যু হয়, News 18 অসমৰ মঞ্চত বিশেষ আলোচনা

পথ সুৰক্ষা, জীৱন সুৰক্ষাক লৈ বিশেষ পদক্ষেপ DIAGEO আৰু নিউজ18ৰ উদ্যোগত।

News18-Assam
Updated:October 10, 2019, 12:32 PM IST
উগ্ৰপন্থীৰ হাতত যিমান লোক নিহত হয়, তাতোকৈ অধিক লোকৰ প্ৰতিবছৰে পথ দুৰ্ঘটনাত মৃত্যু হয়, News 18 অসমৰ মঞ্চত বিশেষ আলোচনা
পথ সুৰক্ষা, জীৱন সুৰক্ষাক লৈ বিশেষ পদক্ষেপ DIAGEO আৰু নিউজ18ৰ উদ্যোগত।
News18-Assam
Updated: October 10, 2019, 12:32 PM IST
পথ সুৰক্ষা এক গুৰুত্বপূৰ্ণ বিষয়| উগ্ৰপন্থীৰ হাতত যিমান লোক নিহত হয়, তাতোকৈ অধিক লোকৰ প্ৰতিবছৰে পথ দুৰ্ঘটনাত মৃত্যু হয়। এইবিষয়ে আলোচনা কৰিবলৈ কিছুদিন আগতে কেইবাজনো গুৰুত্বপূৰ্ণ ব্যক্তি News 18 অসমৰ মঞ্চত মিলিত হয়। 

ৰাজদ্বীপ বাইলুং বৰুৱাই আঁত ধৰা  এই আলোচনাত অংশগ্ৰহণ কৰা ব্যক্তিসকল আছিল মীন, পৰিবেশ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ডেপুটী কমিছনাৰ পুলিচ (ট্ৰেফিক) প্ৰশান্ত শইকীয়া , ডি.টি.অ', কামৰূপ মেট্ৰপলিটান অৰুণ বৰা আৰু কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া।

আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে DIAGEO আৰু নিউজ 18 দলৰ যৌথ প্ৰচেষ্টাত তেওঁলোকে কথাবোৰ জনতাৰ মাজলৈ লৈ যাব পাৰে। তেওঁ কয় যে সুৰামত্ত লোকক জামিনবিহীন ভাৱে গ্ৰেপ্তাৰ কৰোৱা আৰু জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। সুৰাজনিত কাৰণত হোৱা দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে এই পদক্ষেপ হাতত লোৱা হৈছে।

অন্য এগৰাকী পেনেলিষ্টে নিজৰ মত দাঙি ধৰি কয় যে, পথ সুৰক্ষাৰ বাবে প্ৰত্যেকখন জিলাতে প্ৰশাসনে সজাগতামূলক সভা আৰু কাৰ্যপন্থা গ্ৰহণ কৰিছে। এই বৰ্ষতে জানুৱাৰীৰ পৰা জুলাইলৈকে ১২০০ ৰো অধিল লাইচেন্স বাতিল কৰা হৈছে- যাৰ বেছিভাগেই সুৰাপান কৰি গাড়ী চলোৱাৰ ঘটনা| সুৰাপানৰ বাহিৰেও অ'ভাৰলোডিং, মোবাইলত কথা পাতি পাতি বাইক/গাড়ী চলোৱা- আদিও হৈছে মন কৰিবলগীয়া বিষয়। এই সজাগতা অভিযানসমূহৰ পৰা ইতিবাচক ফলাফল দেখিবলৈ পোৱা গৈছে।
জনপ্ৰিয় শিল্পী কৃষ্ণমণি চুতীয়াই কয় যে তেওঁ নিজৰ অনুষ্ঠানসমূহতো ৰাইজৰ মাজত সজাগতা আনিবলৈ চেষ্টা কৰি আহিছে| প্ৰত্যেকজন ব্যক্তি সজাগ নোহোৱালৈকে আৰু একেলগে সমভাগী নোহোৱালৈকে এইয়া সম্ভৱপৰ নহয়। অন্য দেশৰ নিয়ম-নীতিৰ দৰে আমাৰ দেশৰ প্ৰশাসনো কঠোৰ হ’ব লাগে বুলি তেওঁ কয়।
DIAGEOৰ মহা প্ৰৱন্ধক অৰ্ণৱ ভৌমিকে জনায় ভৱিষ্যতে তেওঁলোকে অসমত কি কি পদক্ষেপ তথা কাৰ্যসূচী গ্ৰহণ কৰিব। তেওঁলোকে অনেক যোগ্য সংস্থাৰ যোগেদি পথ সুৰক্ষাৰ ক্ষেত্ৰত থকা বিভিন্ন নেতিবাচক দিশসমূহ চালিজাৰি চাই, সেইবিলাক শুদ্ধ কৰিবৰ বাবে কাম কৰি আহিছে। লগতে ট্ৰেফিক অফিছাৰসকলৰ প্ৰশিক্ষণকে আদি কৰি সকলো দিশৰ পৰা যাতে যুৱ-সমাজকে ধৰি নাগৰিকসকল যাতে সচেতন হ’ব পাৰে, সেইবিষয়েও গুৰুত্ব দিব লাগিব বুলি তেওঁ কয়।
ট্ৰেফিকৰ ডিচিপি প্ৰশান্ত শইকীয়াই কয় যে এইয়া এক সামাজিক সমস্যা! ইয়াৰ সঠিক পৰ্যালোচনা হ’লে হে সঠিক সমাধান লাভ কৰিব পৰা যাব। চৰকাৰ, প্ৰশাসন, আৰু অংশীদাৰী সংস্থাৰ কৰ্তব্যৰ উপৰিও জনতাৰ সহযোগ অতিকৈ প্ৰয়োজনীয়।

গাড়ী চলাওঁতে কি কি সাৱধানতা গ্ৰহণ কৰিব লাগে, ছীটবেল্ট, হেলমেটৰ প্ৰয়োজনীয়তা কি, নতুন আইন ফলপ্ৰসূ হোৱাৰ পাছত কি কি সমস্যা আহিব পাৰে আৰু জনগণে কেনেকৈ নিয়মসমূহ মানি চলিব লাগে আদি বিষয়ত পেনেলিষ্টসকলে বিশদভাৱে আলোচনা কৰে।

"পথ সুৰক্ষা"ৰ নিয়মসমূহ মানি চলিবলৈ অংগীকাৰ কৰক আৰু #RoadSafetyPledge গ্ৰহণ কৰি #DriveResponsibly মানি চলক  ইয়াত ক্লিক কৰি #JOINTHEPACT আৰু শপত গ্ৰহণ কৰক যে আপুনি #NeverDrinkAndDrive মানি চলিব.এই লিংকটোলৈ যাওক: https://www.firstpost.com/diageoroadtosafety/

Take the Pledge: শপত গ্ৰহণ কৰক
মই "পথ সুৰক্ষা"ৰ শপত গ্ৰহণ কৰিছোঁ
নাম:
ইমেইল:
মোবাইল নং:
ৱেবছাইটটোত মই দিয়া তথ্যসমূহ শ্বেয়াৰ কৰা হ'ব পাৰে আৰু আইন অমান্য নকৰাকৈ এই তথ্যখিনি সংগ্ৰহ আৰু ৰেকৰ্ড কৰা হ'ব পাৰে- আৰু সেই কথাত মই সন্মতি জনাইছোঁ|
Take the Pledge: শপত গ্ৰহণ কৰক
আৰু চাওক পৰৱৰ্তী বাতৰি