পুনৰ ভয়ংকৰ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ! পৰিসংখ্যাত উদ্বেগজনক তথ্য

কোভিড–১৯ মহামাৰীৰ পৰিস্থিতিৰ ফলত সৃষ্টি হোৱা এটা সুফল আছিল যে ২০২০ চনত সমগ্ৰ দেশৰ লগতে অসমটো সংঘটিত পথ দুৰ্ঘটনাৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছিল।
কোভিড–১৯ মহামাৰীৰ পৰিস্থিতিৰ ফলত সৃষ্টি হোৱা এটা সুফল আছিল যে ২০২০ চনত সমগ্ৰ দেশৰ লগতে অসমটো সংঘটিত পথ দুৰ্ঘটনাৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছিল।
- News18 Assam
- Last Updated: January 19, 2021, 9:47 AM IST
কোভিড–১৯ মহামাৰীৰ পৰিস্থিতিৰ ফলত সৃষ্টি হোৱা এটা সুফল আছিল যে ২০২০ চনত সমগ্ৰ দেশৰ লগতে অসমটো সংঘটিত পথ দুৰ্ঘটনাৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছিল। ২০১৯ চনত অসমত সংঘটিত বিভিন্ন ধৰণৰ দুৰ্ঘটনাত ৩৮৪৩জন লোকৰ মৃত্যু হৈছিল। নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰৰ তথ্য অনুসৰি, ২০১৯ বৰ্ষত অসমত ৮০৫৫টা পথ দুৰ্ঘটনা, ৫৯১টা ৰে’লৱে দুৰ্ঘটনা আৰু ৫টা ৰে’লৱে ক্ৰছিং পাৰ হওঁতে দুৰ্ঘটনা সংঘটিত হৈছিল।
পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে বহুখিনি ব্যৱস্থা হাতত লৈছে। ইয়াৰে অংশ হিচাপে যোৰহাটত জিলা পৰিবহন বিভাগৰ সৌজন্যত ৰাষ্ট্ৰীয় পথ নিৰাপত্তা মাহ উদযাপন কৰা হৈছে যোৰহাটত। ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ চলিব লগা ৩২তম পথ নিৰাপত্তা মাহৰ যোৰহাটত আনুষ্ঠানিকভাৱে আৰম্ভ কৰে সাংসদ তপন গগৈ আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই। এই ক্ষেত্ৰত যোৰহাট আৰক্ষী আৰু জিলা প্ৰশাসনেও সহযোগিতা আগবঢ়াইছে।
২০১৯ বৰ্ষত যোৰহাটত ৭৭গৰাকী লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ বিপৰীতে ২০২০ বৰ্ষত ৫৩ গৰাকী লোকৰ মৃত্যু হৈছিল। আনহাতে, অসমত সংঘটিত ৮০৫৫টা পথ দুৰ্ঘটনাৰ ভিতৰত ৩২৪৫টা পথ দুৰ্ঘটনা ভয়াৱহ আছিল। এই দুৰ্ঘটনাসমূহত মৃত্যু হোৱা লোকসকলৰ ১৩৬২ গৰাকীৰ মৃত্যু হৈছিল দুচকীয়া বাহনৰ দুৰ্ঘটনাত। ৬৮২ গৰাকী লোকৰ চাৰিচকীয়া গাড়ীৰ দুৰ্ঘটনাত আৰু ২৮৫ গৰাকী লোকৰ বাছ দুৰ্ঘটনাত মৃত্যু হৈছিল। এই লোকসকলৰ ১৪৭৯ গৰাকীয়ে প্ৰাণ হেৰুৱাইছিল ৰাষ্ট্ৰীয় ঘাইপথত। ৭১৭ গৰাকীয়ে ৰাজ্যিক ঘাইপথত প্ৰাণ হেৰুওৱাৰ লগতে ১০৪৯ গৰাকী লোকৰ অন্যান্য পথসমূহত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। উল্লেখ্য এক সমীক্ষা অনুসৰি, অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত প্ৰতি কিলোমিটাৰত ৬০–১০০খন গাড়ী থাকে। এনে এক ভয়াৱহ তথ্য পোহৰলৈ অহাৰ পৰিপ্ৰেক্ষিততে যান–বাহন আইন মানি চলিবলৈ পুনৰ ৰাইজক আহ্বান জনাইছে যোৰহাটৰ জিলা পৰিবহন বিভাগে।
এনেদৰেই এমাহ যোৰা কাৰ্যসূচীৰে 'পথ সুৰক্ষা, জীৱন ৰক্ষা' শ্লোগানেৰে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যৰে আৰম্ভ কৰা হৈছে এই পথ নিৰাপত্তা সপ্তাহ।