মুখ্যপৃষ্ঠা » খবৰ

» অসম

»শ্বহীদ নাজমূল হুছেইনৰ নামত পথ নিৰ্মাণৰ প্ৰস্তাৱ, নাজমূলৰ বাসভৱনত উপস্থিত হৈ মন্ত্ৰী ৰণজিত দাসৰ নিৰ্দেশ ৷  

শ্বহীদ নাজমূল হুছেইনৰ নামত পথ নিৰ্মাণৰ প্ৰস্তাৱ, নাজমূলৰ বাসভৱনত উপস্থিত হৈ মন্ত্ৰী ৰণজিত দাসৰ নিৰ্দেশ ৷  

News18 Assam | News18-Assam
Updated:August 1, 2021, 4:45 PM IST
শ্বহীদ নাজমূল হুছেইনৰ নামত পথ নিৰ্মাণৰ প্ৰস্তাৱ, নাজমূলৰ বাসভৱনত উপস্থিত হৈ মন্ত্ৰী ৰণজিত দাসৰ নিৰ্দেশ ৷  
বৰপেটাৰ সমীপৰ মৈৰামাৰাৰ পৰা দঙৰকুছীলৈ যোৱা পথছোৱা শ্বহীদ হোৱা নাজমূল হুছেইনৰ নামত নিৰ্মাণ হ'ব। 

বৰপেটাৰ সমীপৰ মৈৰামাৰাৰ পৰা দঙৰকুছীলৈ যোৱা পথছোৱা শ্বহীদ হোৱা নাজমূল হুছেইনৰ নামত নিৰ্মাণ হ'ব। 

  • Share this:
মিজোৰাম (mizoram)ৰ আক্ৰমণত শ্বহীদ হোৱা নাজমূল হুছেইন (murtyr nazmul hussain)ৰ নামত নিৰ্মাণ হ'ব পথ।  শ্বহীদগৰাকীৰ ঘৰত উপস্থিত হৈ এই নিৰ্দেশ দিয়ে মন্ত্ৰী ৰণজিত কুমাৰ দাসে। বৰপেটাৰ সমীপৰ মৈৰামাৰাৰ পৰা দঙৰকুছীলৈ যোৱা পথছোৱা প্ৰধানমন্ত্ৰী গ্ৰাম ছড়ক যোজনা অথবা গ্ৰাম্য আন্তঃগাঠনি উন্নয়ন পুঁজিৰে নিৰ্মাণৰ বাবে প্ৰস্তাৱ দাখিল কৰিবলৈ মন্ত্ৰী ৰণজিত দাসে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূছালক নিৰ্দেশ দিয়ে। নিৰ্মাণৰ কাম আৰম্ভ হলেই পথটোৰ নাম শ্বহীদ নাজমূল হুছেইনৰ নামত নামাকৰণ কৰাৰ বাবে স্থানীয় ৰাইজে আগবঢ়োৱা প্ৰস্তাৱটোত নীতিগত ভাৱে তেওঁ সন্মতি প্ৰকাশ কৰে।

আজি বৰপেটা চহৰৰ দাঁতিকাষৰ কদমগুৰিত মিজোৰাম সীমান্তত অলপতে নিহত হোৱা আৰক্ষী জোৱান নাজমূল হুছেইনৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে মাতৃ নুৰ নেহাৰ বেগম আৰু ভাতৃ সকলক সাক্ষাৎ কৰে। ইয়াৰে স্থানীয় ৰাইজ আৰু পৰিয়াল বৰ্গৰ ফালৰ পৰা মন্ত্ৰীগৰাকীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। মন্ত্ৰী দাসে উপায়ুক্ত তেজ প্ৰসাদ ভূছাল আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ উপস্থিতিত স্মাৰক পত্ৰৰ আটাইবোৰ দিশ ৰাইজৰ সৈতে আলোচনা কৰে আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। এই প্ৰসংগতে তেওঁ শ্বহীদ গৰাকীৰ ঘৰৰ সন্মুখেৰে যোৱা পথছোৱা তেওঁৰ নামতে নিৰ্মাণৰ বিষয়টো অধ্যয়ন কৰি প্ৰস্তাৱ দাখিল কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে।
Published by: Manjumoni Borah
First published: August 1, 2021, 4:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি