ৰঙিয়াৰ উলুবাৰীত বানৰ সোঁতত ভাঙিল এটা চৰকাৰী পথ, বাঁহৰ সাঁকোৰে বিপদসংকুল যাত্ৰা ৰাইজৰ

News18 Assam | News18-Assam
Updated:June 8, 2021, 8:34 AM IST
ৰঙিয়াৰ উলুবাৰীত বানৰ সোঁতত ভাঙিল এটা চৰকাৰী পথ, বাঁহৰ সাঁকোৰে বিপদসংকুল যাত্ৰা ৰাইজৰ
বাঢ়নী পানীৰ প্ৰবল সোঁতৰ ওপৰত অস্থায়ীভাৱে নিৰ্মাণ কৰা এই দুৰ্বল সাঁকোৰে শিশুৰ পৰা বৃদ্ধলৈকে অতি বিপদসংকুলভাৱে পাৰ হ’বলগা হৈছে।

বাঢ়নী পানীৰ প্ৰবল সোঁতৰ ওপৰত অস্থায়ীভাৱে নিৰ্মাণ কৰা এই দুৰ্বল সাঁকোৰে শিশুৰ পৰা বৃদ্ধলৈকে অতি বিপদসংকুলভাৱে পাৰ হ’বলগা হৈছে।

  • Share this:
ৰঙিয়াৰ উলুবাৰীত বানৰ সোতত ভাঙিল এটা চৰকাৰী পথ। বানে উটুৱাই নিয়া পথছোৱাত ৰাইজে ততাতৈয়াকৈ নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো। এডাল বাঁহৰ এই সাঁকোৰে অতি বিপজ্জনকভাৱে কেইবাখনো গাঁৱৰ ৰাইজে অহা-যোৱা কৰিবলগা হৈছে। উল্লেখযোগ্য যে এবছৰ পূৰ্বে হোৱা প্ৰলয়ংকৰী বানতো এই পথছোৱা চিঙি গৈছিল। ভগ্ন পথটোৰে দীৰ্ঘদিন ধৰি ৰাইজে যাতায়াতৰ নামত দুৰ্ভোগ ভুগি আহিছিল।

কিছুদিন পূৰ্বে পথটো মেৰামতি কৰিছিল যদিও অতি নিম্নমানৰ কাম কৰা বাবে এজাক বৰষুণতে নিশাটোৰ ভিতৰতে পথচোৱা চিঙি যায়। বহুকেইখন গাঁৱৰ মাজত যাতায়াতৰ একমাত্ৰ এই পথটো এনেদৰে চিঙি যোৱাত ৰাইজে উপায়ন্তৰ হৈ ততালিকে কোনোমতে যাতায়াত কৰিব পৰাকৈ এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰে।

বাঢ়নী পানীৰ প্ৰবল সোঁতৰ ওপৰত অস্থায়ীভাৱে নিৰ্মাণ কৰা এই দুৰ্বল সাঁকোৰে শিশুৰ পৰা বৃদ্ধলৈকে অতি বিপদসংকুলভাৱে পাৰ হ’বলগা হৈছে। অতি নিম্নমানৰ কামেৰে পথটো নিৰ্মাণ কৰা বাবে ৰাইজে ক্ষোভ প্ৰকাশ কৰে। শীঘ্ৰে চিঙি যোৱা পথটো মেৰামতি কৰিবলৈ বৃহত্তৰ অঞ্চলবাসীয়ে দাবী জনাইছে।
Published by: Sanjay Kumar Das
First published: June 8, 2021, 8:34 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি