নলবাৰী জিলাৰ ৬১নং ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বাট-পথে জলাকলা খুৱাইছে সাধাৰণ জনতাক। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টি ধৰ্মপুৰৰ কেইবাটাও বাট-পথৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভোগাই আহিছে অঞ্চলবাসীক।
সমষ্টিটোৰ অন্তৰ্গত কৈঠালকুছিৰ পৰা নলবাৰী সংযোগী, কৈঠালকুছিৰ পৰা চামতা সংযোগী আৰু কৈঠালকুছিৰ পৰা হাৰিভাংগা সংযোগী তিনিটা গুৰুত্বপূৰ্ণ পথৰ অৱস্থা বৰ্তমান শোচনীয়।
বিভিন্ন স্থানত একাঁঠু পৰ্যন্ত বোকাপানীৰে জৰাজীৰ্ণ গুৰুত্বপূৰ্ণ পথ তিনিটা নিৰ্মাণৰ দাবীত নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত লোৱা হৈছিল প্ৰতিবাদী কাৰ্যসূচী। কিন্তু এই পথকেইটা পুনৰ নিৰ্মাণ বা মেৰামতিৰ ক্ষেত্ৰত বৰ্তমানলৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল।
ফলত পথকেইটাৰে আহ-যাহ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে পথচাৰী। ইয়াৰ লগতে কৈঠালকুছি বজাৰ চ'কত এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বান।
বিভিন্ন শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান, বেংক আৰু অন্যান্য কামত পথটোৰে আহ-যাহ কৰা ৰাইজে একাঁঠু বোকাপানীৰ মাজেৰে যাতায়াত কৰিব লগা হৈছে। এইক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক অতিশীঘ্ৰে পথকেইটা মেৰামতি কৰি যাতায়াত সুচল কৰি দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।
Published by: Gautam Barman
FIRST PUBLISHED : March 28, 2023, 19:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।