ৰঙাপৰাৰ বৰজুলিত শাম কটা নাই উত্তেজনাৰ, পুনৰ আৰক্ষীৰ বিৰুদ্ধে পথ অৱৰোধ ৰাইজৰ

নিৰীহ লোকৰ ওপৰত লাঠিচালনা, মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ লগতে নিশা শূন্যলৈ গুলীচালনা কৰা ৰঙাপৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুধিন পেগুক শীঘ্ৰে নিলম্বন কৰা দাবী৷
নিৰীহ লোকৰ ওপৰত লাঠিচালনা, মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ লগতে নিশা শূন্যলৈ গুলীচালনা কৰা ৰঙাপৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুধিন পেগুক শীঘ্ৰে নিলম্বন কৰা দাবী৷
- News18 Assam
- Last Updated: November 24, 2020, 6:46 PM IST
নিৰীহ লোকৰ ওপৰত লাঠিচালনা, মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ লগতে নিশা শূন্যলৈ গুলীচালনা কৰা ৰঙাপৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুধিন পেগুক অতিশীঘ্ৰে নিলম্বন কৰা দাবী জনায়৷ প্ৰতিবাদকাৰী ৰাইজে ৰাজপথত আৰক্ষী বিষয়াগৰাকীৰ প্ৰতিকৃতি দাহ কৰে ৷ প্ৰতিবাদকাৰী ৰাইজে হাতে হাতে ফেষ্টুন-বেনাৰ লৈ ঘোচখোৰ আৰক্ষী আমাক নালাগে, গুণ্ডা আৰক্ষী নালাগে, ৰঙাপৰা আৰক্ষী হায় হায়, বুধিন পেগু হুচিয়াৰ, গুন্দা অ’ চি মুৰ্দাবাদ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
ৰাইজে ৰঙাপৰা-মিছামাৰী পথচোৱা বহু সময় ধৰি অৱৰোধ কৰি ৰখাৰ ফলত পথৰ দুয়োকাষে যান–বাহনসমূহ আবদ্ধ হৈ পৰে৷ পিছত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ক্ষীৰোদ কমল হাজৰিকা উপস্থিত হৈ উক্ত ঘটনাৰ তদন্ত কৰাৰ লগতে শীঘ্ৰে ৰঙাপৰা আৰক্ষী থানাৰ বিষয়াগৰাকীক বদলিকৰণৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াত ৰাইজে পথটো মুকলি কৰি দিয়ে৷