உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিহুত বাধা, উৰুকাৰ দিনাও পথ অৱৰোধেৰে প্ৰতিবাদ কাজিৰঙাত, সেও মানিলে প্ৰশাসনে

    বিহুত বাধা, উৰুকাৰ দিনাও পথ অৱৰোধেৰে প্ৰতিবাদ কাজিৰঙাত, সেও মানিলে প্ৰশাসনে

    প্ৰায় তিনি ঘন্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ অন্তত বুঢ়াপাহাৰ বনাঞ্চলৰ অধীনৰ দেওচুৰত মাছ মাৰিবলৈ অনুমতি দিয়ে প্ৰশাসনে।

    প্ৰায় তিনি ঘন্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ অন্তত বুঢ়াপাহাৰ বনাঞ্চলৰ অধীনৰ দেওচুৰত মাছ মাৰিবলৈ অনুমতি দিয়ে প্ৰশাসনে।

    প্ৰায় তিনি ঘন্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ অন্তত বুঢ়াপাহাৰ বনাঞ্চলৰ অধীনৰ দেওচুৰত মাছ মাৰিবলৈ অনুমতি দিয়ে প্ৰশাসনে।

    • Share this:

    উৰুকাৰ দিনা কাজিৰঙাত পথ অৱৰোধ (Road blocked in Kaziranga)। কাৰণ বিহুৰ বতৰত প্ৰশাসনৰ মাছ মৰাত বাধা। উৰুকা উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাত অনাধিকাৰ প্ৰৱেশ কৰি মৎস্য চিকাৰত বাধা আৰোপ কৰে প্ৰশাসনে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ৰ নদী-বিল, জলাশয়ত মৎস্য চিকাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰি জাৰি কৰিছিল ১৪৪ ধাৰা (administration is preventing fishing in bihu season)।


    কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে উৰুকাৰ দিনা কাজিৰঙাতো মাছ ধৰিবলৈ ওলাই আহিছিল স্থানীয় ৰাইজ। পিছত প্ৰশাসনৰ বাধাৰ বাবে একাংশ উত্তেজিত জনতাই পাৰম্পৰিক মৎস্য চিকাৰৰ পৰা বিতাড়িত হোৱাত পথ অৱৰোধ কাৰ্যসূচী হাতত লয়। এই ঘটনাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যান-জঁট সমস্যাই দেখা দিয়ে। অৱশেষত প্ৰতিবাদকাৰীৰ ওচৰত সেও মানিলে প্ৰশাসন তথা বন বিভাগে।


    প্ৰায় তিনি ঘন্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ অন্তত বুঢ়াপাহাৰ বনাঞ্চলৰ অধীনৰ দেওচুৰত মাছ মাৰিবলৈ অনুমতি দিয়ে প্ৰশাসনে। বন বিভাগৰ অনুমতি পোৱাৰ পিছতে হিল'দল ভাঙি ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বিলত মাছ মাৰিবলৈ (community fishing) যায় স্থানীয় লোকসকল। অৱশ্যে প্ৰতিবাদস্থলীত উপস্থিত নহ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কোনো শীৰ্ষ বিষয়া।

    Published by:Gautam Barman
    First published: