বঙাইগাঁৱত পথ অৱৰোধ৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ধনতোলা-বামুণীটিলা আঞ্চলিক সমিতিয়ে তালগুৰি-বাসুগাঁও পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ জৰাজীৰ্ণ পথটোৰ পুনৰ মেৰামতিৰ দাবী জনাই ধনতোলা বজাৰত প্ৰায় এক ঘণ্টা ধৰি পথ অৱৰোধ কাৰ্যসূচী পালন কৰে সংগঠনটোৱে।
প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগানাৰে উত্তাল কৰি তোলে পৰিৱেশ৷ অতি কম সময়ৰ ভিতৰত মূল পথটো মেৰামতি কৰাৰ দাবী জনায় সংগঠনটোৱে। অন্যথা অনাগত দিনত গণতান্ত্ৰিকভাৱে আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।
ইপিনে পথ অৱৰোধ কাৰ্যসূচীৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে বঙাইগাঁও জিলা উপায়ুক্তক এখন কেইবাদফীয়া দাবিসম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে।