• Home
  • »
  • News
  • »
  • assam
  • »
  • Road Accident In Jagiroad : জাগীৰোডৰ পশ্চিম নগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

Road Accident In Jagiroad : জাগীৰোডৰ পশ্চিম নগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

থিতাতে নিহত এজন,  আনজনৰ অৱস্থা সংকটজনক

থিতাতে নিহত এজন, আনজনৰ অৱস্থা সংকটজনক

থিতাতে নিহত এজন, আনজনৰ অৱস্থা সংকটজনক

  • Share this:
জাগীৰোডৰ পশ্চিম নগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ AS-21J-5982 নম্বৰৰ এখন মটৰচাইকেলত দ্ৰুতবেগী ডাম্পাৰে প্ৰচণ্ড খুন্দা মৰাৰ ফলত মটৰচাইকেলসহ দুই আৰোহী সোমাই পৰে পথৰ কাষত ৰৈ থকা NL-01AF-5973 নম্বৰৰ এখন ট্ৰেইলাৰৰ তলত ৷

দুৰ্ঘটনাত থিতাতে নিহত হয় আবুল বাচাৰ নামৰ এজন প্ৰায় ৪০ বছৰীয়া যুৱক ৷ আনহাতে সংকটজনক আৱস্থাত জাগীৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আজাহাৰুদ্দিন নামৰ আন এজন যুৱক ৷

দুয়োৰে ঘৰ নেলীৰ মাটি পৰ্বতত বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন পলায়ন কৰে ঘটনাস্থলীৰ পৰা ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি